TV9 ASSAM
প্ৰস্ৰাৱ সংক্ৰমণক ইউৰিনৰি ট্ৰেক্ট ইনফেকশ্যন(UTI) বুলি কোৱা হয়। এই সংক্ৰমণ বেক্টেৰিয়াৰ বাবে হয়। পুৰুষৰ তুলনাত মহিলাসকলৰ এই সংক্ৰমণ বেছিকৈ হোৱা দেখা যায়।
UTI ৰ বাবে শৰীৰত কিছুমান লক্ষণে দেখা দিয়ে। UTI হোৱাৰ ফলত বাৰে বাৰে প্ৰস্ৰাৱ আহিব পাৰে বা প্ৰস্ৰাৱ অনুভৱ হ'ব পাৰে। বাৰে বাৰে প্ৰস্ৰাৱ অহাৰ পাছতো প্ৰস্ৰাৱৰ পৰিমাণ কম হয়।
যেতিয়া ব্যক্তিৰ প্ৰস্ৰাৱ সংক্ৰমণ হয় তেতিয়া প্ৰস্ৰাৱত জলা পোৰা, বিষ আদি হ'ব পাৰে। দীৰ্ঘদিন ধৰি এই সমস্যা হৈ থাকিলে বিশেষজ্ঞৰ পৰামৰ্শ গ্ৰহণ কৰা দৰকাৰ।
প্ৰস্ৰাৱ সংক্ৰমণ হোৱাৰ ফলত প্ৰস্ৰাৱৰ পৰা গোন্ধ ওলাব পাৰে। ইয়াৰোপৰি কিছুমানৰ প্ৰস্ৰাৱত তেজ আহিব পাৰে। এই তেজৰ ৰং ৰঙা বা কেতিয়া অলপ কলাৰ দৰে হ'ব পাৰে।
প্ৰস্ৰাৱ সংক্ৰমণ হোৱাৰ ফলত তল পেটত বিষ অনুভৱ কৰিব পাৰে। ইয়াৰোপৰি কেতিয়াবা কোনো বস্তুৱে পেটত বিন্ধি থকাৰ দৰে হ'ব পাৰে। সকলো সময়তে এই বিষ হৈ থাকিব পাৰে।
প্ৰস্ৰাৱ সংক্ৰমণ হোৱাৰ ফলত প্ৰস্ৰাৱৰ ৰং সলনি হয়। প্ৰস্ৰাৱৰ ৰং অধিক ডাঠ হ'ব পাৰে। ইয়াৰোপৰি কেতিয়াবা ফেন আহিব পাৰে। এই ক্ষেত্ৰত অধিক জানিবলৈ চিকিৎসকৰ পৰামৰ্শ লোৱা দৰকাৰ।
পানী কম খোৱা, পৰিষ্কাৰকৈ নথকা আদি কাৰণত প্ৰস্ৰাৱ সংক্ৰমণ হ'ব পাৰে। এই সমস্যা দীৰ্ঘদিন হৈ থাকিলে চিকিৎসকৰ পৰামৰ্ষ লোৱা দৰকাৰ।
পঢ়িবলৈ ক্লিক কৰক