TV9 ASSAM
আই পি এলত কালি নিজৰ অন্তিম লীগ মেচ খেলিছিল মুম্বাই আৰু পঞ্জাৱে। মেচখনত মুম্বাইক সহজে পৰাস্ত কৰি পঞ্জাৱে প্ৰথম কোৱালিফায়াৰত স্থান নিশ্চিত কৰে।
এই মেচখনত মুম্বাই পৰাস্ত হ’লেও সূৰ্যকুমাৰ যাদৱে নিজৰ প্ৰদৰ্শন অব্যাহত ৰাখি এক দৰ্শনীয় অৰ্ধশতক অৰ্জন কৰে।
সম্প্ৰতি প্ৰতিযোগিতাত ৬৪০ ৰান সংগ্ৰহ কৰি সূৰ্যকুমাৰ যাদৱে সৰ্বাধিক ৰান সংগ্ৰহকাৰীৰ দৌৰত ছাই সুদৰ্শন আৰু শুভমন গিলৰ পিছত তৃতীয় স্থানত আছে।
কালিৰ মেচত সূৰ্যই এক বিশ্ব অভিলেখো ৰচনা কৰে। টি-২০ত একেৰাহে ১৪টা ইনিংছত ২৫ বা তাতোধিক ৰান সংগ্ৰহ কৰা বিশ্বৰ প্ৰথম বেটাৰ ৰূপে পৰিগণিত হয় হয় সূৰ্য।
এই ক্ষেত্ৰত সূৰ্যই দক্ষিণ আফ্ৰিকাৰ টি-২০ দলৰ প্ৰাক্তন অধিনায়ক টেম্বা বাভুমাৰ নামত থকা অভিলেখ ভংগ কৰে।
কেৱল এয়াই নহয়, আই পি এলৰ ইতিহাসত লীগ পৰ্যায়ৰ প্ৰতিখন মেচতে ২৫তকৈ অধিক ৰান সংগ্ৰহ কৰা প্ৰথমজন বেটাৰ ৰূপেও অভিলেখ ৰচে সূৰ্যই।
তদুপৰি সূৰ্যকুমাৰ যাদৱে শচীন তেণ্ডুলকাৰক (৬১৮ ৰান) অতিক্ৰম কৰি আই পি এলৰ এটা ছিজনত মুম্বাই ইণ্ডিয়ানছৰ হৈ সৰ্বাধিক ৰান সংগ্ৰহৰো অভিলেখ গঢ়িছে।
পঢ়িবলৈ ক্লিক কৰক
গিলে কৰিছে নেকি স্বজন-তোষণ!