29 July 2025
TV9 ASSAM
Photos Credit: Getty Images
বহুতে সুস্থ হৈ থাকিবলৈ পৰিপূৰক(Supplement) গ্ৰহণ কৰে। বিশেষজ্ঞৰ পৰামৰ্শ অবিহনে বা সঠিক তথ্যৰ অবিহনে ইয়াক গ্ৰহণ কৰিলে যকৃত আৰু বৃক্কৰ ক্ষতি কৰিব পাৰে।
বিশেষজ্ঞৰ মতে, ভিটামিন A আৰু E ৰ পৰিপূৰক অত্যধিক গ্ৰহণ কৰিলে লিভাৰত চৰ্বি জমা হৈ ফাইব্ৰ'ছিছৰ সম্ভাৱনা বৃদ্ধি পাব পাৰে।
প্ৰটিনৰ পৰিপূৰক অত্যধিক পৰিমাণে গ্ৰহণ কৰিলে বৃক্কৰ ওপৰত চাপ বৃদ্ধি পায়। ফলত ক্ষতি হোৱাৰ সম্ভাৱনা থাকে।
বনৌষধিজাত সামগ্ৰীত অধিক ক্ষতিকাৰক উপাদান থাকিব পাৰে, যাৰ ফলত যকৃত বিকল আৰু বৃক্কৰ সমস্যা হোৱাৰ সম্ভাৱনা থাকে।
আইৰণৰ পৰিপূৰক অত্যধিক পৰিমাণে গ্ৰহণ কৰিলে ই লিভাৰত জমা হৈ অক্সিডেটিভ ষ্ট্ৰেছ বৃদ্ধি কৰি অংগৰ ক্ষতি কৰিব পাৰে।
ওজন কমাব পৰা পৰিপূৰক অত্যধিক গ্ৰহণ কৰিব নালাগে। ই বৃক্ক আৰু যকৃতৰ স্বাভাৱিক কাৰ্যকলাপত প্ৰভাৱ পেলায়।
ডাক্তৰৰ পৰামৰ্শ গ্ৰহণ কৰি পৰিপূৰক গ্ৰহণ কৰিব লাগে। লগতে নিয়মীয়াকৈ স্বাস্থ্য পৰীক্ষা কৰি থকাটো অতি প্ৰয়োজন।
পঢ়িবলৈ ক্লিক কৰক