TV9 ASSAM
আজিকালি প্ৰায়ভাগ মানুহে যৌন সংক্ৰমণত ভোগা দেখা যায়। STI ৰ ফলত পুৰুষ আৰু মহিলাৰ মাজত গুৰুতৰ সমস্যাই দেখা দিব পাৰে। তথ্য অনুসৰি ভাৰতত প্ৰায় ৩ কোটি লোক প্ৰতি বছৰে যৌন সংক্ৰামক ৰোগত আক্ৰান্ত হয়।
এই সংক্ৰমণ বিশেষকৈ অসুৰক্ষিত যৌন সম্পৰ্ক স্থাপনৰ ফলত বিয়পি পৰে। ই স্বাস্থ্যত বেয়া প্ৰভাৱ পেলাই লগতে বন্ধ্যাত্বৰ সম্ভাৱনাও বৃদ্ধি কৰে। গতিকে ইয়াৰ লক্ষণসমূহ জনা দৰকাৰ।
যৌন সংক্ৰমণৰ বাবে পুৰুষ-মহিলাৰ মুখ, ডিঙি বা ব্যক্তিগত অংশত ঘাঁ হ'বলৈ আৰম্ভ কৰে। এই সকলোবোৰ সমস্যা হাৰপিছ, এইচ পি ভি বা চিফিলিছৰ লক্ষণ হ’ব পাৰে। এনে ক্ষেত্ৰত চিকিৎসকৰ সহায় লোৱা প্ৰয়োজন।
এই সংক্ৰমণ হোৱাৰ ফলত পুৰুষ-মহিলাৰ ব্যক্তিগত অংশ ৰঙা পৰা, জ্বলা-পোৰা, ফুলা আদি সমস্যাৰ সৃষ্টি হব পাৰে। ইয়াৰোপৰি প্ৰস্ৰাৱৰ সময়ত বিষ হ'ব পাৰে। ই গোনোৰিয়া বা ক্লেমাইডিয়াৰ লক্ষণ হ'ব পাৰে।
এই সংক্ৰমণ হোৱাৰ ফলত পেটৰ তলৰ অংশত বিষ হয়। এই বিষ পেলবিক ইনফলমেটৰী ডিজিজৰ লক্ষণ হব পাৰে। গতিকে এই ক্ষেত্ৰত শীঘ্ৰেই চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰিব লাগে।
এই সংক্ৰমণৰ ফলত শৰীৰৰ ওজন দ্ৰুতগতিত কম হোৱা, নিশা বহুত ঘাম ওলাব পাৰে। এই আন বেমাৰৰ লক্ষণো হ'ব পাৰে। গতিকে এনে লক্ষণ দেখা দিলে চিকিৎসকৰ ওচৰলৈ যোৱা দৰকাৰ।
এই সংক্ৰমণ পৰা হাত সাৰিবলৈ শাৰীৰিক সম্পৰ্কৰ সময়ত কণ্ডম ব্যৱহাৰ কৰা প্ৰয়োজনীয়। একাধিক সংগীৰ সৈতে সম্পৰ্ক স্থাপন কৰাৰ পৰা বিৰত থাকিব লাগে। এই ক্ষেত্ৰত অধিক জানিবৰ বাবে আপুনি চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰা উচিত।
পঢ়িবলৈ ক্লিক কৰক