মুখত এই দুই পদ্ধতিৰে ব্যৱহাৰ কৰক এলোভেৰা জেল

5  May 2025

TV9 ASSAM

বয়স বৃদ্ধি হোৱাৰ লগে লগে ছালৰ উজ্বলতা হ্ৰাস পায়। ইয়াৰোপৰি বয়সৰ ৰেখা, শেতা পৰা আদি সাধাৰণ কথা হৈ পৰে। কিন্তু ঘৰুৱা কিছুমান উপায়ৰ দ্বাৰা আপুনি ছালৰ এই সমস্যা দূৰ কৰিব পাৰে। ই ছালত বয়সৰ প্ৰভাৱো কমাব।

বয়সৰ প্ৰভাৱ

চুলিৰ লগতে ছালৰ বাবেও ভাল এলোভেৰা জেল। ইয়াত থকা উপাদানসমূহে ছালক সুস্থ কৰি ৰখাত সহায় কৰে। এলোভেৰাত কলেডন বুষ্ট কৰাৰ ক্ষমতা থাকে । যাৰ বাবে ই ছালক উজ্বল কৰা, কোমল কৰি তোলাত সহায় কৰে।

এলোভেৰা জেল

ছালৰ সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ বিভিন্ন ধৰণে এলোভেৰা জেল ব্যৱহাৰ কৰিব পাৰে।  এলোভেৰা জেল ছাল আৰু চুলি দুয়োৰে বাবে ভাল। আপোনাৰ ঘৰত যদি এলোভেৰা গছ আছে তেন্তে ভাল,অথবা বজাৰৰ পৰা কিনি আনিব পাৰে।

কেনেকৈ লগাব

আপুনি এলোভেৰা জেলত অলপ ফিটকৰী পাউডাৰ মিহলাই লওক। ইয়াত ১০ মিনিটমান মুখ লগাই ৰাখক। পাছত মুখখন ভালদৰে ধুই দিয়ক। সপ্তাহত ২ দিন এনেকৈ লগাব পাৰে। ই আপোনাৰ ছাল উজ্বল কৰাত সহায় কৰিব।

এলোভেৰা

এলোভেৰা আৰু ফিটকৰীয়ে ছালৰ উজ্বলতা বৃদ্ধি কৰে। লগতে ইয়াৰ ফলত পিগমেনটেশ্যন কম হয়। ইমানেই নহয় এই মিশ্ৰণ লগালে ছালত থকা দাগ দূৰ হোৱাত সহায় কৰে। যাৰ ফলত আপুনি ধুনীয়া হৈ পৰিব।

উপকাৰ

ভিটামিন ই ছালৰ বাবে ভাল। গতিকে এলোভেৰা জেলত ভিটামিন ই কেপচুল আৰু গোলাপ জল মিহলাই লওক। এই মিশ্ৰণটো প্ৰতিদিনে শুৱাৰ পূৰ্বে লগাব পাৰে। তুলাৰ সহায়ত ইয়াক লগালে আপুনি কম দিনতে ভাল ফল পাব।

ভিটামিন-ই

বয়স বৃদ্ধিৰ লগে লগে কলেজন কম হৈ যায় আৰু ছাল ঢিলা হৈ পৰে। কলেজনৰ মাত্ৰ ঠিকমতে ৰাখিবলৈ অমিনো এচিডছ আৰু ভিটামিন চি থকা খাদ্য খাব লাগে। লগতে প্ৰতিদিনে ব্যায়াম কৰিব লাগে।

উপায়

পঢ়িবলৈ ক্লিক কৰক 

টোপনি নহা কি বেমাৰৰ লক্ষণ