TV9 ASSAM
গুড়ত উষ্ণতা বৃদ্ধিৰ প্ৰভাৱ থাকে বাবে শীতকালত গুড় খোৱাটো উপকাৰী বুলি কোৱা হয়। হেল্থলাইনৰ মতে গুড়ত আইৰণ, মেগনেছিয়াম, পটাছিয়াম, মেংগানিজকে ধৰি বহু খনিজ পদাৰ্থ থাকে।
চেনিতকৈ ডায়েবেটিছ ৰোগীৰ বাবে সীমিত পৰিমাণৰ গুড় কিছু উপকাৰী বুলি কোৱা হয়। দেহ গৰম কৰি ৰখা, শক্তি বৃদ্ধি, পাচন শক্তি উন্নত কৰা, ৰক্তকণিকা উৎপন্ন হোৱাতো গুড় সহায়ক।
শীতকালত গুড়ৰ পৰা বহু খাদ্য সামগ্ৰী প্ৰস্তুত কৰা হয়। অৱশ্যে বজাৰৰ পৰা গুড় ক্ৰয় কৰাৰ সময়ত কেইটামান কথা মনত ৰখাটো জৰুৰী। আহক আহক এই বিষয়ে।
পাতল, অলপ উজ্জল বা ৰংযুক্ত গুড় ক্ৰয়ৰ পৰা বিৰত থকাই উচিত, কিয়নো ইয়াক ৰাসায়নিকভাৱে শোধন কৰা হ’ব পাৰে। তাৰ পৰিৱৰ্তে অলপ ৰুক্ষ আৰু ক’লা ৰঙৰ শোধন নকৰা গুৰ কিনিব।
গুৰ ক্ৰয় কৰাৰ সময়ত অলপ সোৱাদ লোৱাটো অতি প্ৰয়োজনীয়। যদি ইয়াৰ সোৱাদ নিমখীয়া বা অলপ কেঁহাৰ দৰে হয়, ক্ৰয় কৰিব নালাগে, কাৰণ এয়া বহুত পুৰণি হ’ব পাৰে।
কিনাৰ সময়ত গুড় ভাঙি চাব লাগে। যদি সহজে ভাঙি যায় তেতিয়া কিনিব নালাগে। কুঁহিয়াৰৰ ৰসৰ পৰা তৈয়াৰী গুড় সহজে ভাঙি নাযায়, আনহাতে মিশ্ৰিত গুড় সহজে ভাঙি যায়।
বজাৰত অধিক মুনাফা লাভৰ বাবে ভেজাল সামগ্ৰীৰ যথেষ্ট প্ৰচলন হয়। মিশ্ৰিত সামগ্ৰী সহজে চিনাক্ত কৰিব নোৱাৰি। গতিকে বিশ্বাসযোগ্য দোকানৰ পৰা গুড় ক্ৰয় কৰিব।
পঢ়িবলৈ ক্লিক কৰক
এই ৫ টা উপায়ে কম কৰে ডায়েবেটিছৰ আশংকা