TV9 ASSAM
চুলিৰ স্বাস্থ্য পুষ্টিকৰ উপাদানৰ সৈতে জড়িত। যেতিয়া শৰীৰত ভিটামিনৰ অভাৱ হয় তেতিয়া চুলি সৰা, পাতল হোৱা, বগা হোৱা আদি সমস্যাই দেখা দিয়ে। চুলি দুৰ্বল হৈ পৰে।
ডাৰ্মটলজিষ্ট ডাঃ সৌম্যা সছদেৱাই কয় যে, ভিটামিন ডিয়ে মূৰত নতুন চুলি গঠন কৰাত সহায় কৰে। গতিকে ভিটামিন ডিৰ অভাৱৰ ফলত চুলি দুৰ্বল হৈ পৰে আৰু সৰিবলৈ আৰম্ভ কৰে।
ভিটামিন বি12 য়ে চুলিৰ গুড়িলৈকে অক্সিজেন প্ৰেৰণ কৰাত সহায় কৰে। ইয়াৰ অভাৱত চুলি দুৰ্বল হৈ পৰিব পাৰে। লগতে সময়তকৈ আগতে চুলি বগা পৰিব পাৰে।
ভিটামিন বি 7 অৰ্থাৎ বায়োটিন চুলিৰ বাবে আটাইতকৈ প্ৰয়োজনীয় ভিটামিন। ইয়াৰ অভাৱ হোৱাৰ ফলত চুলি দুৰ্বল, পাতল, সৰা আদিৰ সমস্যাই দেখা দিব পাৰে।
ভিটামিন A মূৰৰ ছালত প্ৰাকৃতিক তেল গঠন কৰাত সহায় কৰে। ই চুলিক মইশ্বৰাইজ কৰি ৰাখে। ইয়াৰ অভাৱ হোৱাৰ ফলত চুলি শুকান আৰু শেতা হৈ পৰে।
ভিটামিন E এক এন্টিঅক্সিডেন্টছ, যি চুলিৰ গুড়িত তেলৰ চলাচল ভাল কৰে। ইয়াৰ অভাৱ হোৱাৰ ফলত চুলিৰ স্বাস্থ্যত প্ৰভাৱ পৰে আৰু মজবুত নহয়। চুলিৰ বিকাশ লেহেমীয়া হয়।
ভিটামিন C য়ে কোলেজন প্ৰস্তুত কৰাত সহায় কৰে। ই চুলি মজবুত কৰাৰ বাবে প্ৰয়োজনীয়। ইয়াৰ অভাৱ হোৱাৰ ফলত চুলি সৰা বা শুকান হোৱাত সহায় কৰে।
পঢ়িবলৈ ক্লিক কৰক