মগুত ৰাসায়নিক দ্ৰব্য মিহলি হৈ থাকিলে এইদৰে জানিব পাৰিব…

17 May 2025

TV9 ASSAM

মগু প্ৰটিনৰ এক উৎকৃষ্ট উৎস। তদুপৰি ইয়াত ভিটামিন চি, আইৰণ, কেলচিয়াম, বি ৬, মেগনেছিয়াম, ফাইবাৰ, পটাছিয়ামকে ধৰি বহুতো পুষ্টিকৰ উপাদান থাকে।

মগুৰ পুষ্টি

ওজন নিয়ন্ত্ৰণ আৰু পেশী বৃদ্ধিৰ বাবে বহু লোকে ভিন্ন ধৰণে মগু খায়। কিন্তু যদি মগুৰ সৈতে ৰাসায়নিক দ্ৰব্য মিহলি কৰা হয়, তেতিয়া ই স্বাস্থ্যৰ বাবে ক্ষতিকাৰক হ’ব পাৰে।

ফিটনেছত মগু

বহু সময়ত মগু বেছিদিনলৈ ভালে ৰাখিবলৈ বা ভাল দেখাবলৈ ৰাসায়নিক পদাৰ্থ মিহলি কৰে। এনে দ্ৰব্য মিহলি মগু চিনাক্ত কৰাটো অত্যন্ত প্ৰয়োজনীয়।

ভেজাল চিনাক্ত

মগু ক্ৰয় কৰাৰ সময়ত হাতত ঘঁহি পৰীক্ষা কৰিব পাৰে। যদি কোনো ধৰণৰ ৰং ওলায় বা কোনো অদ্ভুত গোন্ধ ওলায়, তেতিয়া ইয়াত দ্ৰব্য মিহলি থাকিব পাৰে।

এইদৰে চাওক

মগু পানীত তিয়াই কিছু সময়ৰ পিছত হাতেৰে ঘঁহিবলৈ চেষ্টা কৰক। যদি পানী অধিক সেউজীয়া দেখা যায়, তাৰ অৰ্থ হ’ল কৃত্ৰিম ৰং ব্যৱহাৰ কৰা হৈছে।

পানীত তিয়াই থওক

বহু লোকে উজ্জল ৰঙৰদেখিলে ভাল হোৱাৰ আশাত মগু ক্ৰয় কৰে। কিন্তু যদি মগুৰ ৰং অধিক উজ্জল হয়, তেতিয়া এই মগু পলিচ কৰা হ’ব পাৰে। গতিকে কিনাৰ পৰা বিৰত থাকক।

উজ্জ্বল ৰং

হাড়, পেশী শক্তিশালী কৰাৰ লগতে হৃদযন্ত্ৰ, ছাল, চুলিৰ স্বাস্থ্য, হজম শক্তিৰ বাবেও মগু উপকাৰী। ইয়াৰ উপৰিও মগুৱে ওজন নিয়ন্ত্ৰণ, ৰোগ প্ৰতিৰোধ ক্ষমতা আৰু শক্তি বৃদ্ধি কৰে।

ফল

পঢ়িবলৈ ক্লিক কৰক 

কণ বিলাহীৰ উপকাৰিতাৰ বিষয়ে চাওক