TV9 ASSAM
আজি বিজয়া দশমী। দেৱী দুৰ্গাক এবছৰৰ বাবে আজি বিদায় জনাব ভক্তই। এই দিনটোত কিছুমান কাম কৰিলে পৰিয়াললৈ আগমন ঘটিব সুখ-সমৃদ্ধিৰ।
দশমীৰ দিনা মা দুৰ্গাক পিন্ধোৱা সেন্দূৰ সংগ্ৰহ কৰি ৰঙা কাপোৰত বান্ধি টকাৰ আলমাৰীত থ’ব লাগে। ইয়াৰ ফলত আৰ্থিক অৱস্থা সুস্থিৰ হৈ থাকে বুলি বিশ্বাস কৰা হয়।
দুৰ্গা দেৱীৰ বিসৰ্জনৰ আগে আগে আৰু পিছত শংখ বজালে পৰিবেশ বিশুদ্ধ হয় আৰু ঘৰলৈ ধন-সম্পত্তিৰ আগমন বৃদ্ধি পায় বুলি বিশ্বাস কৰা হয়।
দেৱী দুৰ্গাৰ পূজাত ব্যৱহাৰ কৰা চাউল ঘৰৰ ভঁৰালত ৰাখিলে কেতিয়াও আৰ্থিক অসুবিধাৰ সন্মুখীন নহয়। ঘৰৰ তুলসীৰ তলত চাকি জ্বলালে পৰিয়ালত শান্তি অটুট থাকে।
দশমীৰ দিনা দৰিদ্ৰ লোক আৰু ভক্তৰ মাজত মিঠাই বা প্ৰসাদ বিতৰণ কৰিলে পৰিয়ালত খাদ্যৰ অভাৱ নহ’ব। সম্পত্তিৰ লগতে সন্মানো বৃদ্ধি পাব।
দশমীৰ নিশা বিশেষভাৱে শুভ। সেয়ে এই নিশা উত্তৰমুখী ঘৰৰ মন্দিৰত ঘিউ বা তেলৰ চাকি জ্বলাই ‘ওঁম মহালক্ষ্যয় নম’ মন্ত্ৰ জপ কৰিলে লক্ষ্মী দেৱীৰ কৃপা পৰিব।
দশমীৰ দিনা দেৱীৰ পূজাত ব্যৱহাৰ কৰা অশোক বা বেল পাত ঘৰলৈ আনি ধনৰ টোপোলাত ৰাখিলে ঘৰখনৰ আৰ্থিক অৱস্থা সুস্থিৰ হৈ থাকিব।
পঢ়িবলৈ ক্লিক কৰক
নিশাৰ এনে কামে দিনটো কৰি ৰাখিব সতেজ