26 JUNE 2025
TV9 ASSAM
জন্ম হ'লে মৃত্যু নিশ্চিত। এই কথা হয়তো সকলোৱে জানে। কিন্তু মৃত্যু কেতিয়া? সেয়া কোনেও নাজানে।
জ্যোতিষ শাস্ত্ৰৰ মতে মৃত্যুৰ আগেয়ে শৰীৰ আৰু মনত কেইবাটাও লক্ষণ দেখা যায়। আৰু সেই লক্ষণবেৰ দেখি যিকোনো ব্যক্তিয়েই বুজিব পাৰে যে তেওঁ জীৱনৰ শেষ পৰ্যায়ত উপনীত হৈছে।
হিন্দু ধৰ্মৰ মতে, স্বাভাৱিক মৃত্যু হওক বা অকাল মৃত্যু হওক, এই প্ৰক্ৰিয়াটো ছমাহ আগতেই নিৰ্ধাৰণ কৰা হয়। যদি কোনো ব্যক্তিয়ে এই সংকেতবোৰ সময়ত বুজি পায়,তেওঁৰ বাবে ভাল।
কোৱা হয় যে এজন ব্যক্তিয়ে মৃত্যুৰ কেইমাহমান আগতে মৃত্যুৰ ঘন্টা অনুভৱ কৰিব পাৰে। পুৰাণৰ মতে মৃত্যুৰ শব্দ প্ৰথমে নাভি চক্ৰত অনুভৱ কৰা হয়। কোৱা হয় যে মৃত্যুৰ আগতে নাভি চক্ৰ ভাঙিবলৈ আৰম্ভ কৰে।
মৃত্যুৰ আগতে মানুহৰ হাতৰ ৰেখাবোৰ অস্পষ্ট আৰু পাতল হৈ পৰে। লাহে লাহে সেইবোৰ নোহোৱা হ’বলৈ আৰম্ভ কৰে। ৰেখাবোৰ দেখাটো যথেষ্ট কঠিন হৈ পৰে।
যদি আইনা, তেল বা পানীত আপোনাৰ মুখখন দেখা নাপাব,আপুনি বুজিব যে মৃত্যু আহি আছে। শুনা আৰু দেখাৰ ক্ষমতাও কমিবলৈ আৰম্ভ কৰে। চকুৰ আগত ডাঠ ক’লা আন্ধাৰে ঢাকি ধৰে।
মৃত্যুৰ কিছু সময়ৰ আগতে এজন ব্যক্তিয়ে তেওঁৰ চাৰিওফালে যমদূতক দেখা পায়। আৰু মৃত্যুৰ আগতে শৰীৰৰ পৰা এটা অদ্ভুত গোন্ধ ওলাবলৈ আৰম্ভ কৰে।
(বি:দ্ৰ: - এই প্ৰতিবেদনত উপস্থাপন কৰা তথ্যসমূহ হিন্দু শাস্ত্ৰৰ পৰা লোৱা হৈছে। এই ক্ষেত্ৰত TV9 Assamৰ কোনো দায়িত্ব নাই।)
চাবলৈ ক্লিক কৰক