TV9 ASSAM
চলিত ইংলেণ্ড ভ্ৰমণত প্ৰথমবাৰৰ বাবে ভাৰতীয় টেষ্ট দলৰ নেতৃত্ব বহন কৰিছে শুভমন গিলে। অধিনায়ক হিচাপে প্ৰথমটো শৃংখলাতে তেওঁ বেটেৰে দেখুৱাইছে চমক।
শৃংখলাত এইপৰ্যন্ত গিলে এটা দ্বিশতক আৰু দুটা শতক অৰ্জন কৰিছে। লীডছ টেষ্টত তেওঁ ১৪৭, ৮ ৰান আৰু এডজবাষ্টনত ২৬৯, ১৬১ ৰান সংগ্ৰহ কৰিছিল।
আনহাতে বৃহস্পতিবাৰৰ পৰা আৰম্ভ হোৱা লৰ্ডছ টেষ্টৰ প্ৰথম ইনিংছত অৱশ্যে সফল হ’ব নোৱাৰিলে গিল। কালি মাত্ৰ ১৬ ৰান সংগ্ৰহ কৰিয়েই তেওঁ বিদায় লয়।
পিছে দীঘলীয়া ইনিংছ খেলাত সফল নহ’লেও এই সময়ছোৱাতে ৯ ৰান সংগ্ৰহ কৰাৰ লগে লগে গিলে এক ঈৰ্ষণীয় অভিলেখ ৰচে।
এইক্ষেত্ৰত গিলে প্ৰাক্তন ভাৰতীয় অধিনায়ক বিৰাট কোহলীৰ ৭ বছৰীয়া অভিলেখ ভংগ কৰে। গিল এতিয়া ইংলেণ্ডত এটা শৃংখলাত সৰ্বাধিক ৰান সংগ্ৰহ কৰা ভাৰতীয় অধিনায়ক।
গিলে এইপৰ্যন্ত চলিত শৃংখলাত ৬০১ ৰান সংগ্ৰহ কৰিছে। ইয়াৰ পূৰ্বে কোহলীয়ে ২০১৮ চনৰ ইংলেণ্ড ভ্ৰমণত অধিনায়ক হিচাপে ৫৯৩ ৰান সংগ্ৰহ কৰিছিল।
পঢ়িবলৈ ক্লিক কৰক
লৰ্ডছত শতকেৰে দ্রাবিড়ক অতিক্ৰম ৰুটৰ