TV9 ASSAM
অষ্ট্ৰেলিয়াৰ বিপক্ষে এদিনীয়া শৃংখলাৰ অন্তিম মেচৰ সময়ত আঘাতপ্ৰাপ্ত হৈছিল ভাৰতৰ সহ-অধিনায়ক শ্ৰেয়স আয়াৰ। সম্প্ৰতি চিকিৎসাধীন খেলুৱৈগৰাকী।
ছিডনীৰ এখন চিকিৎসালয়ত সম্প্ৰতি চিকিৎসাধীন হৈ আছে শ্ৰেয়স আয়াৰ। তাৰকা খেলুৱৈজনক বৰ্তমান আই চি ইউত ৰখা হৈছে বুলি জানিব পৰা গৈছে।
খবৰ অনুসৰি আয়াৰৰ আভ্যন্তৰীণ ৰক্তক্ষৰণৰ সন্মুখীন হৈছে। সতৰ্কতামূলক ব্যৱস্থা হিচাপে যোৱা দুদিন ধৰি তেওঁক চিকিৎসালয়ৰ ICUত ৰখা হৈছে।
প্ৰায় এসপ্তাহ তেওঁ চিকিৎসালয়ত থকাৰ সম্ভাৱনা আছে। অৱশ্যে এয়া তেওঁৰ আৰোগ্য হৈ উঠাৰ ওপৰত নিৰ্ভৰ কৰিব। সম্পূৰ্ণ সুস্থ হৈ উঠাৰ পিছতহে তেওঁ ভাৰতলৈ অহাৰ সম্ভাৱনা আছে।
ছিডনীত অনুষ্ঠিত তৃতীয় এদিনীয়াৰ সময়ত আয়াৰে হৰ্ষিত ৰানাৰ বলত এলেক্স কেৰীৰ এটা কেচ আয়ত্ব কৰাৰ সময়ত বুকুত আঘাত পাইছিল।
আঘাতৰ গুৰুতৰ প্ৰকৃতিৰ প্ৰতি লক্ষ্য ৰাখি তেওঁক খেলপথাৰৰ পৰা উলিয়াই অনা হৈছিল। তাৰ পিছত তেওঁক ছিডনীৰ এখন চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল।
পঢ়িবলৈ ক্লিক কৰক
৩৮ বছৰ বয়সত ধোনীৰ অভিলেখ ভংগ ৰোহিতৰ