TV9 ASSAM
সাধাৰণতে প্ৰায় প্ৰতিঘৰ লোকতে বৰ্ষটোৰ কেলেণ্ডাৰ থাকে। এয়া টেবুল কেলেণ্ডাৰ বা বেৰত ওলমি থকা কেলেণ্ডাৰ হ’ব পাৰে।
বাস্তু শাস্ত্ৰ মতে কেলেণ্ডাৰ ঘৰৰ বেৰত কিছুমান ছবি থকা কেলেণ্ডাৰ ওলোমাই থোৱা উচিত নহয়। অন্যথা দুৰ্ভাগ্যৰ সন্মুখীন হ’ব পাৰে।
বহু ঘৰত কেলেণ্ডাৰ বিভিন্ন স্থানত ওলমি থকা দেখা যায়। শোৱা কোঠাতো বহুলোকে কেলেণ্ডাৰ ওলোমাই ৰাখে।
যিকোনো ব্যক্তিৰ শোৱা কোঠাত ৰাধা কৃষ্ণৰ ছবি থকা কেলেণ্ডাৰ ৰাখিলে ভাল। ইয়াৰ ফলত দম্পতীৰ মাজত সম্পৰ্ক ভালে থাকে।
উত্তৰ বা পূব দিশত কেলেণ্ডাৰ ওলোমাই ৰখাটো অতি শুভ। এই দিশবোৰক ধনাত্মক শক্তি আৰু প্ৰগতিৰ দিশ বুলি গণ্য কৰা হয়।
কেলেণ্ডাৰখন অতি পুৰণি বা ফাটি যোৱা হ’ব নালাগে। পুৰণি কেলেণ্ডাৰবোৰে ঋণাত্মক শক্তি ধৰি ৰাখে বুলি কোৱা হয়।
এই প্ৰতিবেদনত উপস্থাপন কৰা বক্তব্যসমূহ বাস্তু শাস্ত্ৰৰ ওপৰত আধাৰিত। এই ক্ষেত্ৰত TV9 Assam- এ নিজা কোনো মত প্ৰকাশ কৰা নাই।
পঢ়িবলৈ ক্লিক কৰক
দুবৰি বনৰ এনে উপকাৰিতাৰ কথা জানেনে?