ভগৱানৰ আশীৰ্বাদ লাভ কৰাৰ সংকেত! জানক...

5 OCT 2025

TV9 ASSAM

প্ৰায় প্ৰতিগৰাকী ব্যক্তিয়ে ভগৱানৰ আশীৰ্বাদ বিচাৰে। যাৰ বাবে ভগৱানৰ প্ৰাৰ্থনা কৰে। মানুহৰ জীৱনলৈ ভাল-বেয়া সকলো সময় আহে, গতিকে আস্থা ৰখাসকলৰ বাবে ভগৱানৰ আশীৰ্বাদ জৰুৰী।

ভগৱান

গতিকে ভগৱানৰ আশীৰ্বাদ আছে নে নাই জনা আৱশ্যক। মধুৰা-বৃন্দাবনৰ বাবা প্ৰেমানন্দ মহাৰাজে এনে কিছুমান সংকেতৰ বিষয়ে কৈছে যাৰ দ্বাৰা আপুনি জানিব যে ভগৱান আপোনাৰ লগত আছে।

প্ৰেমানন্দ মহাৰাজ

যিসকলে মানুহৰ সকলো কথাতে দোষ দেখা পাই তেনে লোকে ভগৱানৰ আশীৰ্বাদ নাপায়। যিসকলৰ ওচৰত ভগৱানৰ আশীৰ্বাদ থাকে সেই সকলে শত্ৰু বুলি কাকে গণ্য নকৰে।

দোষ

যিসকলৰ ওপৰত ভগৱানৰ কৃপা থাকে তেওঁলোক ভিতৰৰ পৰা বাহিৰলৈ পবিত্ৰ থাকে। তেওঁলোকৰ মনত কাৰো প্ৰতি বেয়া ভাব নাথাকে। কাৰো প্ৰতি ঈৰ্ষা নাথাকে। আচাৰ-ব্যৱহাৰৰো জ্ঞান আছে।

পবিত্ৰতা

যিসকলৰ ওপৰত ভগৱানৰ কৃপা থাকে তেওঁলোকে নিজৰ লাভৰ বাবে কোনো সাংসাৰিক কামৰ অনুষ্ঠানৰ আয়োজন নকৰে। ভগৱনাৰ কৃপা থকাসকলে নিজতকৈ আনৰ বাবে সুখ-শান্তি বেছি কামনা কৰে।

সাংসাৰিক কাৰ্য

কোনো ব্যক্তিৰ সৈতে বিশেষ সম্পৰ্ক নথকাৰ পাছতো মনত সকলোৰে প্ৰতি দয়া ভাব ৰাখে। আনৰ প্ৰতি মমতা আৰু ভাল আচৰণ প্ৰদৰ্শন কৰাটোও ভাল লক্ষণ। ভগৱানৰ কৃপাৰ ই এক লক্ষণ হ'ব পাৰে।

দয়া

ভগৱানৰ আশীৰ্বাদ থাকিলে মানুহে সদায় শান্তিত থাকে। মহাৰাজৰ মতে, অপৰাধীৰ প্ৰতি খং নুঠা আৰু তেওঁলোকক ক্ষমা কৰি দিয়া শ্ৰীহৰিৰ কৃপা লগত থকাৰ এক লক্ষণ।

শান্তি

পঢ়িবলৈ ক্লিক কৰক 

বাস্তু টিপচ