TV9 ASSAM
কাইলৈৰ পৰা এডিলেইডত ব’ৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীৰ দ্বিতীয়খন টেষ্ট আৰম্ভ হ’ব। ২০২০-২১ চনৰ এডিলেইড টেষ্টৰ দৰে এইখনো হ’ব দিবানৈশ মেচ।
ভাৰতে এতিয়ালৈকে চাৰিখন দিবানৈশ টেষ্ট খেলিছে। ইয়াৰে তিনিখনত ভাৰতে জয়লাভ কৰাৰ বিপৰীতে একমাত্ৰ এডিলেইড টেষ্টত পৰাস্ত হৈছিল।
ভাৰতে এতিয়ালৈকে বাংলাদেশ, ইংলেণ্ড আৰু শ্ৰীলংকাৰ বিৰুদ্ধে দিবানৈশ টেষ্টত জয়ী হৈছে আৰু আটাইকেইখন মেচ নিজ দেশতে খেলিছে।
২০১৯ চনত ভাৰতে বাংলাদেশৰ বিপক্ষে কলকাতাত খেলা প্ৰথমখন দিবানৈশ টেষ্টত এক ইনিংছ আৰু ৪৬ ৰানত জয়ী হৈছিল।
২০২০-২১ চনৰ ব’ৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীৰ সময়ত এডিলেইডত অনুষ্ঠিত দিবানৈশ টেষ্টত ভাৰত অষ্ট্ৰেলিয়াৰ হাতত ৮ উইকেটত পৰাস্ত হৈছিল।
২০২১ চনত ইংলেণ্ডৰ বিপক্ষে আহমেদাবাদ খেলা তৃতীয়খন দিবানৈশ টেষ্টত ভাৰত ১০ উইকেটত সহজে জয়ী হৈছিল।
২০২২ চনত বাংগালুৰুত ভাৰতে খেলা চতুৰ্থখন দিবানৈশ টেষ্টতো ভ্ৰমণকাৰী শ্ৰীলংকাক সহজে ২৩৮ ৰাণত পৰাস্ত কৰিছিল।
পঢ়িবলৈ ক্লিক কৰক
চুলি মজবুত কৰিবলৈ এনেদৰে ব্যৱহাৰ কৰক এলোভেৰা