চুলি মজবুত কৰিবলৈ এনেদৰে ব্যৱহাৰ কৰক এলোভেৰা

5  December, 2024 

TV9 ASSAM

আজিৰ দিনত বহুতে চুলিৰ লগত জড়িত সমস্যাত ভোগে।খাদ্যভাস, জীৱনশৈলীৰ বাবে চুলি সৰাৰ দৰে সমস্যাৰ সৃষ্টি হয়।

চুলিৰ সমস্যা

কিন্তু মজবুত আৰু ধুনীয়া-ঘন চুলি সকলোৱে বিচাৰে। মজবুত, ঘন, দীঘল চুলিৰ বাবে আপুনি ব্যৱহাৰ কৰিব পাৰে এলোভেৰা।

মজবুত চুলি

এলোভেৰা জেল চুলিৰ বাবে অত্যন্ত ভাল। ইয়াৰ ফলত চুলি সৰা সমস্যা ৰোধ হোৱাৰ লগতে আন সমস্যাও দূৰ হয়। অৱশ্যে কেনেকৈ ইয়াক ব্যৱহাৰ কৰে জানিব লাগিব।

এলোভেৰা

এলোভেৰাৰ পৰা এলোভেৰা জেল প্ৰস্তুত হয়। তাৰ পাছত হাত বা ব্ৰাছৰ দ্বাৰা চুলিৰ গুৰিত লগাব। প্ৰায় ৩০ মিনিট লগোৱাৰ পাছত ছেম্পুৰে চুলিখিনি ধুই দিব।

কেনেকৈ লগাব

পিয়াজো চুলিৰ বাবে ভাল। পিয়াজৰ ৰস এলোভেৰা জেলৰ লগত মিহলাই চুলিত মালিচ কৰিব পাৰে। এনেকৈ সপ্তাহত আপুনি দুবাৰ এলোভেৰা জেল লগাব পাৰে।

পিয়াজ

গৰম গ্ৰীণ টিত এলোভেৰা জেল মিহলাই সেয়া ঠাণ্ডা কৰি চুলিত লগাব পাৰে। ১৫-২০ মিনিট চুলিত ৰখাৰ পাছত ইয়াক ধুই দিব।

গ্ৰীণ টি

পঢ়িবলৈ ক্লিক কৰক 

গো মাংসত নিষিদ্ধ