TV9 ASSAM
হিন্দু ধৰ্মত শাওন মাহৰ বিশেষ মহত্ব আছে। এই মাহটোত ভগৱান শিৱ আৰু মা পাৰ্বতীক পূজা কৰিলে মনৰ সকলো ইচ্ছা পূৰণ হয় বুলি কোৱা হয়। এই মাহটোৰ সোমবাৰে ব্ৰত ৰখা ভাল।
চলিত বৰ্ষৰ শাওনৰ শিৱৰাত্ৰি ২৩ জুলাইত পালন কৰা হ'ব। জ্যোতিষ শাস্ত্ৰ অনুসৰি এইবাৰ শাওনৰ শিৱৰাত্ৰি অতি বিশেষ। কিয়নো ২৪ বছৰ পাছত বিৰল সংযোগ গৈছে।
চলিত বৰ্ষৰ শাওনৰ শিৱৰাত্ৰিত শুক্ৰ দেৱতাই নিজৰ ৰাশি বৃষত থাকিব। ইয়াক মালব্য ৰাজযোগ নিৰ্মাণ হব। ইয়াৰোপৰি মিথুন ৰাশিত চন্দ্ৰ আৰু বৃহস্পতিৰ গজকেশৰী যোগ হ'ব।
ইয়াৰোপৰি এই দিনটোত শুক্ৰ, বৃহস্পতি, সূৰ্য এটা স্থানত থাকিব। এই বিৰল সংযোগ বহু বছৰ পাছত দেখা গৈছে। এই সংযোগে কেইটামান ৰাশিৰ লোকলৈ ভাল ফল কঢ়িয়াই আনিব।
বৃষ ৰাশিৰ লোকসকলৰ বাবে এই সময়খিনি অত্যন্ত শুভ। সুখ-সমৃদ্ধি বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে। ইয়াৰোপৰি আপুনি মনে বিচৰা ফল লাভ কৰিব। পৰিয়ালত শান্তি থাকিব। ব্যৱসায়ত লাভ হ'ব।
এই সময়ত মিথুন ৰাশিৰ লোকে ভাগ্যৰ সহায় লাভ কৰিব। চাকৰিয়ালসকলে ভাল খবৰ লাভ কৰিব পাৰে। পদোন্নতিৰ যোগ আছে। ধন লাভৰ সম্ভাৱনা আছে। ইয়াৰোপৰি ৰৈ থকা কাম সম্পূৰ্ণ হ'ব। মান-সন্মান বৃদ্ধি পাব।
বৃশ্চিক ৰাশিৰ লোকৰ জীৱনলৈ সুখৰ আগমন হ'ব। সম্পৰ্ক ভাল হ'ব। ব্যৱসায়ত ভাল ফল লাভ কৰিব। নতুন বাহন ক্ৰয় কৰাৰ সম্ভাৱনা আছে। লগতে আৰ্থিক দিশটো উন্নতি হ'ব।
পঢ়িবলৈ ক্লিক কৰক