TV9 ASSAM
হিন্দু পঞ্জিকা অনুসৰি আজিৰ পৰা আৰম্ভ হৈছে শাওণ মাহ। অৱশ্যে অসমত ১৮ জুলাইত আৰম্ভ হ'ব। এই মাহটোত শিৱক পূজা কৰিলে শুভফল পোৱা যায় বুলি কোৱা হয়।
শাওণ মাহত ভগৱান শিৱক তেওঁৰ প্ৰিয় ফুল অৰ্পন কৰা হয়। কোৱা হয়, শিৱক তেওঁৰ প্ৰিয় বস্তু অৰ্পন কৰিলে মনৰ সকলো কামনা পূৰ্ণ হয়। কিয়নো শিৱ সন্তুষ্ট হয়। পিছে আপুনি জানেনে শিৱৰ প্ৰিয় ফুল কি।
বেলপাত শিৱৰ অত্যন্ত প্ৰিয়। গতিকে শিৱজীৰ পূজা কৰাৰ সময়ত বেলপাত অৰ্পন কৰা প্ৰয়োজনীয়। শাওণ মাহত বেলপাত অৰ্পন কৰিলে পাপৰ পৰা মুক্তি লাভ কৰাৰ লগতে শিৱ সন্তুষ্ট হয়।
আকন্দ ফুল শিৱৰ অতি প্ৰিয় বুলি কোৱা হয়। শিৱক পূজা কৰাৰ সময়ত এই ফুল ব্যৱহাৰ কৰিব লাগে। এই ফুল বিভিন্ন ৰঙৰ আছে, কিন্তু বগা ৰঙৰ আকন্দ ফুল অৰ্পন কৰিব পাৰিলে ভাল।
ধতুৰা ফল আৰু ফুল দুয়োটাই শিৱৰ অতি প্ৰিয়। শিৱক এয়া অৰ্পন কৰিলে ৰোগ আৰু দোষৰ পৰা মুক্তি লাভ কৰা যায় বুলি কোৱা হয়। গতিকে শাওণত শিৱক পূজা কৰিলে ধতুৰা আগবঢ়াব লাগে।
ইয়াৰোপৰি আপুনি শিৱ পূজাত কৰৱী ফুল, বগা ৰঙৰ চম্পা ফুল, কেতেকী ফুল,নীলা অপৰাজিতা, খৰিকাজাঁই আদি অৰ্পন কৰিব পাৰে। এইসমূহ ফুলেৰে শিৱক পূজা কৰিলে শিৱ সন্তুষ্ট হয় বুলি কোৱা হয়।
ইয়াৰোপৰি আপুনি ভগৱান শিৱক পানী বা গাখীৰ অৰ্পন কৰিব পাৰে। লগতে শাওণ মাহত ব্ৰত ৰখা শুভ বুলি গণ্য কৰা হয়। গতিকে এই মাহৰ সোমবাৰে ব্ৰত ৰাখিব পাৰে।
পঢ়িবলৈ ক্লিক কৰক