TV9 ASSAM
সংবিধান সভাই ১৯৪৭ চনৰ ২২ জুলাইত ভাৰতীয় ত্ৰিৰংগা গৃহীত কৰে। কিন্তু ১৯৪৭ চনৰ ১৫ আগষ্টত চৰকাৰী পতাকা বনোৱা হয়।
ভাৰতীয় ত্ৰিৰংগা ডিজাইন কৰাৰ আগতে ৩০ খন দেশৰ পতাকাৰ ওপৰত অধ্যয়ন কৰা হৈছিল। ইয়াৰ পিছত ত্ৰিৰংগাৰ ডিজাইন কৰা হৈছিল।
ভাৰতীয় ত্ৰিৰংগা স্বাধীনতা সংগ্ৰামী পিংগলী ভেংকয়াই ডিজাইন কৰিছিল। তেওঁৰ জন্ম হৈছিল অন্ধ্ৰ প্ৰদেশৰ কৃষ্ণা জিলাত।
স্বাধীনতা সংগ্ৰামী পিংগলী ভেংকয়াই এনে এখন পতাকাৰ কল্পনা কৰিছিল যিয়ে ভাৰতীয়ক একত্ৰিত কৰিব।
ৰাষ্ট্ৰীয় পতাকাৰ ওপৰৰ ভাগত থকা গেৰুৱা ৰং হৈছে যি ভাৰতৰ শক্তি আৰু সাহসৰ প্ৰতীক।
ত্ৰিৰংগাত থকা বগা ৰং সত্য আৰু শান্তিৰ প্ৰতীক। একেদৰে তলৰ সেউজীয়া ভাগে ভূমিৰ উৰ্বৰতা আৰু বিশুদ্ধতাক সূচায়।
ত্ৰিৰংগাৰ মাজত থকা চক্ৰটো সম্ৰাট অশোকৰ দ্বাৰা নিৰ্মিত সাৰনাথ মন্দিৰৰ পৰা লোৱা হৈছে।
পঢ়িবলৈ ক্লিক কৰক