12 AUG 2025
TV9 ASSAM
আজিকালি মানুহৰ বিভিন্ন স্বাস্থ্যজনিত সমস্যাই দেখা দিয়ে। কিছুমানে বাৰে বাৰে বেমাৰত পৰা দেখা যায়। গতিকে সদায় স্বাস্থ্যৰ যত্ন লোৱা ভাল।
পিছে আপুনি জানেনে, আপোনাৰ শোৱনি কোঠাও বেমাৰৰ কাৰণ হ'ব পাৰে। গতিকে শোৱনি কোঠাত থকা কিছুমান বস্তু আঁতৰ কৰা ভাল যিয়ে স্বাস্থ্যত বেয়া প্ৰভাৱ পেলাব পাৰে।
এই সন্দৰ্ভত সবিশেষ জনাইছে যকৃত আৰু পেটৰ বিশেষজ্ঞ ডাঃ সৌৰভ চেঠীয়ে। তেওঁ কয় যে, শোৱনি কোঠাত ৰখা কিছুমান বস্তুয়ে লাহে লাহে আপোনাৰ স্বাস্থ্য বেয়া কৰিব পাৰে।
এই সন্দৰ্ভত চিকিৎসকগৰাকীয়ে ইনষ্টাগ্ৰামত ৰীল শ্বেয়াৰ কৰিছে। য'ত তেওঁ কৈছে যে ভাল স্বাস্থ্যৰ বাবে শোৱনি কোঠাৰ পৰা কিছুমান বস্তু আঁতৰ কৰিব লাগে।
গাৰু পুৰণি হ'লে ধূলি,ঘাম আৰু এলাৰ্জি কৰিব পৰা পদাৰ্থ জমা হ'ব পাৰে। ইয়াৰ ফলত ছালৰ এলাৰ্জি, উশাহত কষ্ট, ছালৰ আন সমস্য়া হ'ব পাৰে। গতিকে গাৰু ১-২ বছৰতকৈ অধিক সময় ব্যৱহাৰ কৰিব নালাগে।
চিন্থেথিক এয়াৰ ফ্ৰেছনাৰে শোৱনি কোঠাত সুগন্ধি বিয়পায়। কিন্তু ই ফথলেটছ আৰু VOCs ৰ দৰে ক্ষতিকাৰক ৰাসায়নিক পদাৰ্থ বাহিৰ কৰে। যিয়ে হাপানী, উশাহত কষ্ট, হৰম'নৰ সমস্যা আদি কৰিব পাৰে।
৭-৮ বছৰতকৈ পুৰণি তুলী ব্যৱহাৰ কৰিব নালাগে। ইয়াৰ ফলত পিঠিৰ বিষ, বেয়া টোপনিৰ সমস্যা হ'ব পাৰে। যদি ভাল টোপনি বিচাৰে তেন্তে এইসমূহ ৭-৮ বছৰ পাছত সলনি কৰিব লাগে।
পঢ়িবলৈ ক্লিক কৰক