TV9 ASSAM
তিঁয়হৰ ৰসে ছাললৈ শীতল আনে আৰু ক’লা দাগ কমায়। তিঁয়হ কাটি প্ৰতিদিনে ১০ মিনিট চকুৰ তলত লগাব লাগে।
আলুৰ ৰসে ব্লিচিঙৰ দৰে কাম কৰে। কপাহত আলুৰ ৰস লগাই চকুৰ তলত থৈ দিব। কেইদিনমানৰ পিছত আপুনি পৰিৱৰ্তন অনুভৱ কৰিব।
ব্যৱহৃত গ্ৰীণ টি বা ব্লেক টিৰ বেগ ফ্ৰীজত ৰাখি ঠাণ্ডা কৰি চকুৰ তলত লগাব। ইয়াৰ ফলত চকুৰ ভাগৰ দূৰ হ’ব আৰু ক’লা দাগ পাতল হ’ব।
এলোভেৰা জেল ছালত লগালে ছালখন ঠাণ্ডা হৈ থাকে। ইয়াৰ উপৰিও ই ক’লা দাগ কমোৱাত সহায় কৰে।
প্ৰতি নিশা গোলাপ জলত তিয়াই থোৱা কপাহী পেড চকুৰ তলত পাঁচ মিনিট ৰাখিলে সতেজতা অনুভৱ কৰিব।
কেঁচা গাখীৰত কপাহ তিয়াই চকুৰ তলত থৈ দিব। গাখীৰত থকা লেক্টিক এচিডে ছালখন উজ্জ্বল কৰি তোলে। দাগ কমোৱাত সহায় কৰে।
চকুৰ চাৰিওফালে নাৰিকল তেল মালিচ কৰিব পাৰি। ইয়াৰ ফলত ছালখন মসৃণ আৰু মইশ্ব’ৰাইজ হ’ব। ক’লা দাগো সোনকালে পাতল হৈ পৰে।
চকুৰ তলত অলপ মৌ লগাব। ইয়াত থকা এণ্টিঅক্সিডেণ্টে ছালৰ স্বাস্থ্য উন্নত কৰি ক’লা দাগ কম কৰিব পাৰে।
চকুৰ তলত পদিনা পেষ্ট লগালে শীতল অনুভৱ হয়। পদিনাৰ পেষ্ট ব্যৱহাৰে তেজৰ সঞ্চালন বৃদ্ধি কৰে আৰু ক’লা দাগ কমায়।
ক’লা দাগৰ সমস্যাৰ পৰা মুক্তি পাবলৈ প্ৰচুৰ পৰিমাণে পানী আৰু পৰ্যাপ্ত টোপনিৰ প্ৰয়োজন। ইয়াৰ অবিহনে ক’লা দাগ দূৰ নহয়।
পঢ়িবলৈ ক্লিক কৰক
গৰম ভাতৰ সৈতে ঘিঁউ খালে কি হয়?