30 OCT 2025
TV9 ASSAM
আজিকালি মানুহৰ হৃদযন্ত্ৰৰ লগত জড়িত বিভিন্ন সমস্যা হোৱা দেখা যায়। ইয়াৰ ফলত হাৰ্ট এটেক, হাৰ্ট ফেইল আদিৰ আশংকা বৃদ্ধি পাইছে।
আমাৰ কিছুমান অভ্যাসে হৃদযন্ত্ৰ দুৰ্বল কৰে। কিন্তু ৫ টা এনে অভ্যাস আছে যিয়ে আপোনাৰ হৃদযন্ত্ৰ সুস্থ কৰি ৰাখিব পাৰে। এই অভ্যাস গঢ়ি তোলা ভাল।
প্ৰতিদিনে কমেও ৩০ মিনিট ব্যায়াম কৰিব লাগে। আপুনি চাইকেল চলোৱা, খোজ কঢ়া বা অন্য শাৰীৰিক কাৰ্যকলাপ কৰিব পাৰে। ইয়াৰ ফলত হৃদস্পন্দন বৃদ্ধি পাই আৰু সিৰা ভালে ৰাখে। লগতে ব্লাড প্ৰেচাৰ ঠিক কৰে।
হৃদযন্ত্ৰ সুস্থ কৰি ৰাখিবলৈ ভাল খাদ্য় খোৱা প্ৰয়োজন। ভিটামিন আৰু ফাইবাৰেৰে পৰিপূৰ্ণ ফল, শাক-পাচলি, মাছ, দাইল,চিকেন আদি খাব লাগে। ইয়াৰ বিপৰীতে নিমখ, চেনি, জাংক ফুড আদি কম খাব লাগে।
হৃদযন্ত্ৰ সুস্থ কৰি ৰাখিবলৈ ওজন নিয়ন্ত্ৰণ কৰা অতি প্ৰয়োজন। পেটৰ চৰ্বি কম ৰাখিব লাগে। কিয়নো পেটৰ চৰ্বি হৃদযন্ত্ৰৰ সমস্যাৰ সৈতে জড়িত।
মানসিক চাপ কম কৰিব লাগে। বেছি মানসিক চাপে হাই ব্লাড প্ৰেচাৰ আৰু হৰম'নৰ সমস্যা কৰে। মানসিক চাপ নিয়ন্ত্ৰণ কৰিবলৈ যোগাসন, ধ্যান আদি কৰিব পাৰে।
কেতিয়াবা দেখাত স্বাস্থ্যবান যেন লাগিলেও ভিতৰি ভিতৰি সমস্যা হৈ থাকে। গতিকে মাজে মাজতে ব্লাড প্ৰেচাৰ, কলেষ্টেৰল, চুগাৰৰ মাত্ৰা আদি পৰীক্ষা কৰিব লাগে।
পঢ়িবলৈ ক্লিক কৰক