TV9 ASSAM
বহু মানুহে মুখৰ পৰা দুৰ্গন্ধ ওলোৱা সমস্যাত পৰা দেখা যায়। ভিটামিনৰ অভাৱ বা আন স্বাস্থ্যজনিত সমস্যাৰ ফলত মুখৰ পৰা গোন্ধ ওলাব পাৰে। গতিকে ইয়াৰ বিষয়ে জনা দৰকাৰ।
ভিটামিন চিৰ অভাৱ হোৱাৰ ফলত দাঁতৰ আলু ফুলিব পাৰে আৰু কেতিয়াবা তেজ ওলাব পাৰে। ইয়াৰ ফলত দাঁতৰ গুড়ি লেতেৰা হৈ পৰে আৰু ইয়াৰ ফলত মুখৰ গোন্ধ ওলাব পাৰে।
ভিটামিন ডিৰ অভাৱত দাঁত ঢিলা হৈ পৰে। যাৰ ফলত কেতিয়াবা দাঁত ভাঙে। দাঁতৰ লগত জড়িত সমস্যাৰ বাবে মুখৰ পৰা বেয়া গোন্ধ ওলাব পাৰে।
ভিটামিন B12 ৰ অভাৱ হোৱাৰ ফলত মুখৰ পৰা বেয়া গোন্ধ ওলায়। ইয়াৰ লগতে মুখৰ ছাল আৰু দাঁতৰ গুড়ি ফুলি উঠিব পাৰে। গতিকে শৰীৰত ভিটামিনৰ অভাৱ হ'ব দিব নালাগে।
কিছুমান চিকিৎসাজনিত অৱস্থা যেনে ডায়েবেটিছ, পেটৰ এচিডৰ সমস্যা, বা চাইনাছৰ সংক্ৰমণেও মুখৰ দুৰ্গন্ধৰ সৃষ্টি কৰিব পাৰে। পেট বেয়া হ'লেও মুখৰ পৰা গোন্ধ ওলাব পাৰে।
নিয়মিতভাৱে ব্ৰাছ নকৰিলে খাদ্যৰ কণা আৰু প্লেক আপোনাৰ মুখত জমা হ’ব পাৰে, যাৰ ফলত দুৰ্গন্ধ আহিব পাৰে। গতিকে সদায় ২ বাৰকৈ ব্ৰাছ কৰিব লাগে।
ব্ৰাছ কৰাৰ পাছতো যদি আপোনাৰ মুখৰ পৰা দুৰ্গন্ধ ওলোৱাৰ সমস্যা দীৰ্ঘদিনীয়া তেন্তে এই ক্ষেত্ৰত চিকিৎসকৰ সহায় লোৱা দৰকাৰ। ই কোনো অন্য ৰোগৰ কাৰণ হ'ব পাৰে।
পঢ়িবলৈ ক্লিক কৰক