29 Jan 2026
TV9 ASSAM
প্ৰ'টিনে শৰীৰৰ মাংসপেশী, হাড়, ছাল, হৰম'ন আদিৰ বাবে প্ৰয়োজনীয়। ই ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখে। লগতে পেশীবোৰ মেৰামতি কৰাত সহায় কৰে।
বেয়া খাদ্য, খাদ্য নোখোৱা, প্ৰ'টিনযুক্ত খাদ্য নোখোৱা, পাচনৰ সমস্যা, দীৰ্ঘদিন ৰোগ আদিৰ ফলত প্ৰ'টিনৰ অভাৱ হ'ব পাৰে। এই অভাৱ হ'লে বিভিন্ন লক্ষণে দেখা দিয়ে।
যেতিয়া শৰীৰত প্ৰ'টিনৰ অভাৱ হয় তেতিয়া মাংসপেশী দুৰ্বল হৈ পৰে। কম কাম কৰিলে দুৰ্বল আৰু ভাগৰুৱা অনুভৱ হয়। দিনটো শক্তিৰ অভাৱ হোৱা যেন লাগে।
প্ৰ'টিনৰ অভাৱৰ ফলত চুলিৰ গুড়ি দুৰ্বল হৈ পৰে। ইয়াৰ ফলত চুলি সৰিব পাৰে। ইয়াৰোপৰি চুলি পাতল হৈ, উজ্বলতা হ্ৰাস পায়।
প্ৰ'টিনে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰে। যেতিয়া প্ৰ'টিনৰ অভাৱ হয় তেতিয়া বাৰে বাৰে ৰোগ হয়। বাৰে বাৰে চৰ্দি,কাহ, জ্বৰ আদি হোৱা দেখা যায়।
প্ৰ'টিনৰ অভাৱৰ ফলত ভৰি, মুখ, হাত আদি ফুলিব পাৰে। ইয়াৰোপৰি ওজন বৃদ্ধি হ'ব পাৰে। দীৰ্ঘদিন এনে হোৱা প্ৰ'টিনৰ অভাৱৰ লক্ষণ হ'ব পাৰে।
যদি শৰীৰৰ কোনো ঠাইত ঘাঁ বা আঘাত পোৱা যায়, তেতিয়া প্ৰ'টিনৰ অভাৱ হ'লে সেই আঘাত ঠিক হোৱাত বহু সময় লাগে। প্ৰ'টিনে কলা মেৰামতি কৰাত সহায় কৰে। যাৰ বাবে এনে হয়।
পঢ়িবলৈ ক্লিক কৰক