TV9 ASSAM
সেউজীয়া শাক-পাচলি যেনে পালেং, বন্ধাকবি আদিত এণ্টিঅক্সিডেণ্টৰ লগতে ভিন্ন ভিটামিন থাকে। এইসমূহে ৰক্তবাহী নলী সুৰক্ষা দিয়ে।
নহৰুৱে প্ৰাকৃতিকভাৱে ৰক্তচাপ আৰু কলেষ্টেৰল নিয়ন্ত্ৰণ কৰিব পাৰে। ইয়াৰ দ্বাৰা হৃদযন্ত্ৰ সুৰক্ষিত হয়।
দাইল, বুট, ৰাজমাহ আদি মাহজাতীয় শস্যত যথেষ্ট পৰিমাণে ফাইবাৰ আৰু প্লাণ্ট প্ৰটিন পোৱা যায়। এইসমূহ উপাদানে হৃদযন্ত্ৰৰ স্বাস্থ্য অটুট ৰাখে।
স্বাস্থ্যকৰ খাদ্য হিচাপে পৰিচিত অ’টছত প্ৰচুৰ পৰিমাণে দ্ৰৱণীয় ফাইবাৰ থাকে, ই বেয়া কলেষ্টেৰল হ্ৰাস কৰাত সহায় কৰে।
ডাৰ্ক চকলেট সোৱাদৰ লগতে গুণৱানো। প্ৰায় ৭০% ক’ক’ থকা ডাৰ্ক চকলেট খালে তেজৰ সোঁত উন্নত হয় আৰু হৃদযন্ত্ৰৰ স্বাস্থ্য অটুট থাকে।
তদুপৰি আখৰোট, ব্লুবেৰী-ষ্ট্ৰবেৰীৰ দৰে জামু, চৰ্বিযুক্ত মাছ, গ্ৰীণ টি আদিও হৃদযন্ত্ৰৰ বাবে অতি উপকাৰী বিবেচিত হয়।
পঢ়িবলৈ ক্লিক কৰক
প্ৰটিনৰ ভাণ্ডাৰ এই ৫ বিধ ফল, জানিলে হ'ব উপকৃত