TV9 ASSAM
দেহৰ অতি প্ৰয়োজনীয় উপাদান প্ৰটিন। বহুলোকে কেৱল মাছ-মাংসত প্ৰটিন পায় বুলি ভাৱে। কিন্তু এই ৫ বিধ ফলত থাকে যথেষ্ট প্ৰটিন।
আমাৰ বাৰীতে হোৱা ফল কঁঠাল। এই ফলবিধত প্ৰায় ৩ গ্ৰাম প্ৰটিন পোৱা যায়। সোৱাদত অনন্য কঁঠালৰ আন বহু গুণ আছে।
আমাৰ বাৰীতে সততে উপলব্ধ মধুৰীত প্ৰায় ৪.২ গ্ৰাম প্ৰটিন পোৱা যায়। তদুপৰি ইয়াত ভিটামিন, ফাইবাৰ, এণ্টিঅক্সিডেণ্ট আদি পোৱা যায়।
প্ৰতি কাপ এভোকেডোত প্ৰায় ৩ৰ পৰা ৫ গ্ৰাম প্ৰটিন পোৱা যায়। লগতে ইয়াত ভিটামিন, ফাইবাৰ, স্বাস্থ্যকৰ চৰ্বিও উপলব্ধ।
ডালিমো প্ৰটিনৰ উত্তম উৎস। ইয়াত প্ৰায় ২.৯ গ্ৰাম প্ৰটিন পোৱা যায়। ডালিমৰ এণ্টিঅক্সিডেণ্টৰ মাত্ৰাও যথেষ্ট।
ব্লেকবেৰীত প্ৰায় ২ গ্ৰাম প্ৰটিন পোৱা যায়। সেয়ে প্ৰটিনৰ বাবে ই এক উৎকৃষ্ট উৎস। তদুপৰি ইয়াত যথেষ্ট ফাইবাৰো পোৱা যায়।
পঢ়িবলৈ ক্লিক কৰক
গাখীৰৰ সৈতে মিহলাই খাওক এই ৫ বিধ খাদ্যবস্তু