TV9 ASSAM
ডাকঘৰৰ জ্যেষ্ঠ নাগৰিক সঞ্চয় আঁচনি জ্যেষ্ঠ নাগৰিকসকলৰ বাবে এক নিৰ্ভৰযোগ্য বিনিয়োগ আঁচনি। ৬০ বছৰ আৰু তাৰ ওপৰৰ ব্যক্তিয়ে ইয়াত বিনিয়োগ কৰিব পাৰে।
এই আঁচনিৰ অধীনত নূন্যতম ১০০০ টকাৰ পৰা সৰ্বাধিক ৩০ লাখ টকালৈকে বিনিয়োগ কৰিব পাৰে। চলিত বিত্তীয় বৰ্ষ ২০২৫-২৬ ৰ দ্বিতীয় ত্ৰৈমাসিকৰ বাবে সুতৰ হাৰ ৮.২ শতাংশ।
এই আঁচনিখনৰ আটাইতকৈ ডাঙৰ বৈশিষ্ট্য হ'ল ইয়াত বিনিয়োগ কৰিলে আয়কৰ আইনৰ ধাৰা ৮০ চিৰ অধীনত ১.৫ লাখ টকা পৰ্যন্ত কৰ ৰেহাই পোৱা যায়।
ইয়াৰ সুত প্ৰতি ত্ৰৈমাসিকত বিনিয়োগকাৰীৰ একাউণ্টত জমা কৰা হয়। এই ধন তৎক্ষণাত ব্যৱহাৰ কৰিব পাৰি, যাৰ ফলত জ্যোষ্ঠ নাগৰিকসকলে এক স্থিৰ আয়ৰ উৎস লাভ কৰিব পাৰে।
এই প্লেনৰ মেচিউৰিটি পিৰিয়ড ৫ বছৰ, যিটো ইচ্ছা কৰিলে আৰু ৩ বছৰ বৃদ্ধি কৰিব পাৰে। যদি কোনো কাৰণত অকালতে উলিওৱাৰ প্ৰয়োজন হয় তেন্তে জৰিমনাও প্ৰযোজ্য ।
এবছৰৰ আগতে উলিয়ালে কোনো সুত লোৱা নহয়। ১ ৰ পৰা ২ বছৰৰ ভিতৰত ধন উলিয়ালে ১.৫ শতাংশ কৰ্তন কৰা হয় আৰু ২ ৰ পৰা ৫ বছৰৰ ভিতৰত উলিয়ালে ১ শতাংশ কৰ্তন কৰা হয়।
উল্লেখ্য যে, স্বামী-স্ত্ৰীয়েও যৌথ একাউণ্ট খুলিব পাৰে। ইয়াৰ ফলত বিনিয়োগৰ সীমা আৰু সুত দুয়োটা বৃদ্ধি পায়,পৰিয়ালটোক অধিক আৰ্থিক নিৰাপত্তা প্ৰদান কৰে।
পঢ়িবলৈ ক্লিক কৰক