TV9 ASSAM
বেয়া কলেষ্টেৰল বা LDL হৈছে এনে ধৰণৰ কলেষ্টেৰল যি ৰক্তবাহী নলীত জমা হয়। ফলত তেজ চলাচলত বাধা সৃষ্টি হয়। হৃদৰোগৰ সম্ভাৱনা বৃদ্ধি পায়।
বেয়া খাদ্যাভ্যাস, শৰীৰ চৰ্চাৰ অভাৱ, মেদবহুলতা, ধূমপান আদি কাৰণত এই সমস্যা হ'ব পাৰে। বেয়া কলেষ্টেৰল বৃদ্ধি ক্ষেত্ৰত মানসিক চাপ আৰু জিনীয় কাৰণো আছে।
আঁহযুক্ত খাদ্য, ফল-মূল, শাক-পাচলি আদি দৈনন্দিন খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰি এই সমস্যা নিয়ন্ত্ৰণ কৰিব পাৰি।
অতিৰিক্ত ওজন বা পেটৰ চৰ্বিয়ে বেয়া কলেষ্টেৰল দ্ৰুতগতিত বৃদ্ধি কৰে। সুস্থ জীৱনশৈলী, সুষম খাদ্য আৰু শাৰীৰিক কাৰ্যকলাপে ওজন নিয়ন্ত্ৰণ কৰাত সহায় কৰে।
প্ৰত্যেক দিনে শৰীৰ চৰ্চা কৰিবলৈ আৰম্ভ কৰক। দৈনিক খোজ কঢ়া বা যোগাসন আদি কৰিব পাৰে।
ধূমপান আৰু মদ্যপানে ধমনীৰ ক্ষতি কৰে আৰু বেয়া কলেষ্টেৰল বৃদ্ধি কৰে। ধূমপান আৰু মদ্যপানৰ অভ্যাস আছে যদি পৰিহাৰ কৰক।
নিয়মিতভাৱে কলেষ্টেৰলৰ মাত্ৰা পৰীক্ষা কৰক। ইয়াৰ ফলত আগতীয়াকৈ হোৱা পৰিৱৰ্তন ধৰা পেলোৱাত সহায়ক হয় আৰু সময়তে এই সমস্যা ৰোধ কৰিব পাৰি।
পঢ়িবলৈ ক্লিক কৰক