প্ৰতিদিনে ডালিম আৰু আমলখি খালে কি হয়? 

5 Dec 2025

TV9 ASSAM

বৰ্তমান শীতকাল পৰিছে। এই সময়চোৱাত স্বাস্থ্যৰ গুৰুত্ব লোৱা অতিকে প্ৰয়োজন। খাদ্যভাস, জীৱনশৈলীয়ে আমাক সুস্থ ৰখাত সহায় কৰে।

শীতকাল

ডালিম আৰু আমলখিৰ জুচ খালে বহু উপকাৰ পোৱা যায়। ইয়াত এন্টিঅক্সিডেন্টছ, ভিটামিন টি আৰু বিভিন্ন পুষ্টিকৰ উপাদান থাকে। এনেক্ষেত্ৰত শৰীৰে বহু উপকাৰ লাভ কৰে।

ডালিম-আমলখি

প্ৰতিদিনে ডালিম-আমলখিৰ জুচ খালে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী হয়। শৰীৰে ৰোগৰ বিৰুদ্ধে যুঁজ দিব পাৰে। এনে অৱস্থাত চৰ্দি, জ্বৰ আদিৰ পৰা শৰীৰে কিছু সুৰক্ষা লাভ কৰে।

ৰোগ প্ৰতিৰোধ ক্ষমতা

ডালিম আৰু আমলখি ছালৰ স্বাস্থ্যৰ বাবেও ভাল। ই ছাল ধুনীয়া আৰু সুন্দৰ কৰি তোলে। কেইদিনমান ডালিম-আমলখিৰ জুচ খোৱাৰ পাছতে ছাল উজ্বল হৈ পৰিব।

ছাল

যকৃত আমাৰ শৰীৰৰ গুৰুত্বপূৰ্ণ অংগ। ডালিম আৰু আমলখিৰ জুচে শৰীৰৰ পৰা বেয়া পদাৰ্থ বাহিৰ কৰাত সহায় কৰে। গতিকে যকৃত সুস্থ কৰি ৰাখিবলৈ ডালিম খাব পাৰে।  

যকৃত

হৃদযন্ত্ৰৰ স্বাস্থ্যৰ বাবেও ডালিম আৰু আমলখি উপকাৰী। ই কলেষ্টেলৰ নিয়ন্ত্ৰণ কৰি ৰাখে লগতে তেজৰ চলাচল ভাল কৰে। গতিকে হৃদযন্ত্ৰ সুস্থ কৰি ৰখাত ডালিমে সহায় কৰে।

হৃদযন্ত্ৰ

মগজুৰ স্বাস্থ্যৰ বাবেও ডালিম আৰু আমলখি উপকাৰী। ই মগজু শান্ত কৰি ৰখাত সহায় কৰে লগতে স্মৃতিশক্তি ভাল কৰে। ই মনোযোগ ভাল কৰাতো সহায় কৰে।

মগজু

পঢ়িবলৈ ক্লিক কৰক 

চাণক্য নীতি