মুম্বাইৰ বিপক্ষে মেচত প্ৰীতিৰ চিন্তাৰ কাৰণ হৈছে চাহাল!

26 May 2025

TV9 ASSAM

আজি ছিজনত নিজৰ অন্তিমখন মেচ খেলিব মুম্বাই ইণ্ডিয়ানছ আৰু পঞ্জাৱ কিংছে। জয়পুৰৰ ছাৱাই মানসিং ষ্টেডিয়ামত পৰস্পৰৰ বিপক্ষে খেলিব দুয়োটা দলে।

MI vs PBKS

ইতিমধ্যে দুয়োটা দলেই প্লে’ অফত স্থান নিশ্চিত কৰিছে। সম্প্ৰতি পঞ্জাৱ পইণ্ট তালিকাত দ্বিতীয় আৰু মুম্বাই চতুৰ্থ স্থানত আছে।

প্লে’ অফ

আজি পঞ্জাৱ আৰু মুম্বাই যিকোনো এটা দল জয়ী হোৱাৰ লগে লগে শীৰ্ষস্থানলৈ উন্নীত হ’ব, এইদৰে দল দুটাই পাব প্ৰথম কোৱালিফায়াৰ খেলাৰ সুযোগ।

সুযোগ

পিছে এই মেচখনক লৈ চিন্তাত আছে পঞ্জাৱৰ স্বত্বাধিকাৰী প্ৰীতি জিন্তা। এই চিন্তাৰ আঁৰত আছে দলটোৰ সদস্য যুজবেন্দ্ৰ চাহালৰ আঘাত।

প্ৰীতিৰ চিন্তা

আজিৰ মেচত আঘাতৰ বাবে খেলিব নোৱাৰিব পাৰে চাহালে। হাতৰ আঘাতৰ বাবে চাহালে দিল্লী কেপিটেলছৰ বিপক্ষেও খেলিব পৰা নাছিল।

চাহাল

IPL ইতিহাসৰ সফলতম বলাৰ চাহাল। গতিকে শীৰ্ষস্থান দখলৰ সুযোগ থকা মেচত পঞ্জাৱ কিংছৰ বাবে চাহালৰ উপস্থিতি আছিল অত্যন্ত গুৰুত্বপূৰ্ণ।

সফলতা

১১ বছৰৰ মূৰত পঞ্জাৱক প্লে’ অফত প্ৰৱেশ কৰোৱাত চাহালে গুৰুত্বপূৰ্ণ ভূমিকা লৈছে আৰু এইপৰ্যন্ত ১২খন মেচত এটা হেট্ৰিকসহ ১৪টা উইকেট দখল কৰিছে।

প্ৰদৰ্শন

পঢ়িবলৈ ক্লিক কৰক 

ভাৰতীয় দলত আই পি এলৰ বিশেষ ভূমিকা!