কোনসকল লোকে অমিতা খাব নালাগে?

24  Dec 2025

TV9 ASSAM

স্বাস্থ্যৰ বাবে উপকাৰী ফল অমিতা। য'ত ভিটামিন এ, ভিটামিন চি, পটেছিয়াম, পপেন আদি পুষ্টিকৰ উপাদান থাকে। যাৰ বাবে ই স্বাস্থ্যৰ উপকাৰ সাধন কৰে।

অমিতা

কিন্তু সকলোৰে বাবে অমিতা ভাল নহয়। কিছুমান বিশেষ ৰোগ থাকিলে অমিতা খোৱাৰ ক্ষেত্ৰত বিশেষজ্ঞৰ পৰামৰ্শ ল'ব লাগে। এই লেখাত ৫টা সমস্যাৰ কথা উল্লেখ কৰা হ'ল যি থাকিলে অমিতা খাব নালাগে।

বেয়া

গৰ্ভৱতী মহিলাই কেঁচা বা আধা পকা অমিকা খাব নালাগে। ইয়াত থকা লেটেক্স আৰু পপেন থাকে যিয়ে জৰায়ু সংকুচিত কৰিব পাৰে। ইয়াৰ ফলত সময়তকৈ আগতে ডেলিভাৰী হ'ব পাৰে।

গৰ্ভৱতী মহিলা

যিসকল লোকৰ হৃদস্পন্দন অনিয়মিত সেইসকলে অমিতা খাব নালাগে। অমিতাত থকা কিছুমান উপাদানে এনে সমস্যা থকা লোকৰ ক্ষতি কৰিব পাৰে।

হৃদস্পন্দন

বৃক্কত পাথৰ থাকিলে অমিতা খাব নালাগে। ইয়াত ভিটামিন চি বেছিকৈ থাকে। গতিকে বৃক্কৰ সমস্যা থাকিলে অমিতা খোৱাৰ পূৰ্বে বিশেষজ্ঞৰ পৰামৰ্শ ল'ব লাগে।

পাথৰ

অমিতাত ফাইবাৰ আৰু পপেন থাকে। যাৰ ফলত পেটত জলা-পোৰা, এচিডিটি, আলচাৰ আদি হ’ব পাৰে।  পেটৰ সমস্যা থাকিলে অমিতা খাব নালাগে।

পেটৰ সমস্যা

যিসকলৰ লো ব্লাড প্ৰেচাৰৰ সমস্যা আছে তেনে লোকে অমিতা খাব নালাগে। অমিতাই ব্লাড প্ৰেচাৰ আৰু কম কৰিব পাৰে। এনে ক্ষেত্ৰত সমস্যা হ'ব পাৰে।

ব্লাড প্ৰেচাৰ

পঢ়িবলৈ ক্লিক কৰক 

তুলসী পানীৰ উপকাৰ