চুলি দীঘল আৰু ধুনীয়া কৰিবলৈ এনেদৰে ব্যৱহাৰ কৰক এলোভেৰা

9  December, 2024 

TV9 ASSAM

আজিকালি বহুতে চুলি সৰাৰ সমস্যাত ভোগে। এনে সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ বহুতে বহু প্ৰডাক্ট বা ঘৰুৱা উপায় অৱলম্বন কৰে।

চুলি সৰা

এলোভেৰা জেলত ভিটামিন এ, ভিটামিন বি ১২, চি, ই, ফেটী এচিড আৰু অমীনো এচিড আদি থাকে। এইসমূহ উপাদানে চুলি মজবুত কৰি ৰখাৰ লগতে চুলি সৰা কম কৰে।

এলোভেৰা জেল

এলোভেৰা জেলৰ লগত নাৰিকল তেল মিহলাই চুলিত লগাব পাৰে। এনে কৰিলে চুলি কোমল আৰু ধুনীয়া হৈ পৰে। চুলি ধোৱাৰ ২ ঘন্টা পূৰ্বে এই মিশ্ৰণ লগাব পাৰে।

নাৰিকল তেল

ডাঙৰ ২ চামুচ এলোভেৰা জেলত ১ চামুচ মৌ মিহলাই লওক। তাৰ পাছত এই মিশ্ৰণ ২০-৩০ মিনিট চুলিত ৰখাই ধুই দিয়ক। এনে কৰিলে চুলি কোমল হয় আৰু চুলি সৰা বন্ধ হয়।

মৌ

ডাঙৰ ২ চামুচ এলোভেৰা জেল, ১ চামুচ নিম পাউদাৰ আৰু ১ চামুচ পানীৰ মিশ্ৰণ বনাই চুলিত লগাওক। প্ৰায় ৩০ মিনিট ৰখাৰ পাছত ধুই দিয়ক। ই চুলি ফটা সমস্যা ৰোধত সহায় কৰে।

নিম পাত

১টা পকা কল আৰু ২ চামুচ এলোভেৰা জেলৰ এটা মিশ্ৰণ বনাই চুলিত লগাওক। ৩০ মিনিট ৰখাৰ পাছত চুলি ধুই দিয়ক। এনে কৰিলে চুলি কোমল আৰু ধুনীয়া হয়।

কল

১ টা কণীত ২ চামুচ এলোভেৰা জেল মিহলাই চুলিত লগাব পাৰে। ২০-৩০ মিনিট ৰখাৰ পাছত চুলিখিনি ধুই দিয়ক। এনে কৰিলে চুলি মজবুত হয় আৰু চুলি সৰা সমস্যা কম হয়।

কণী

পঢ়িবলৈ ক্লিক কৰক 

জালুকে দূৰ কৰিব পাৰে সকলো সমস্যা! কৰক এই কাম...