TV9 ASSAM
জ্যোতিষ শাস্ত্ৰত জীৱনৰ বহু সমস্যাৰ সমাধানৰ উপায় উল্লেখ আছে। এই উপায় অৱলম্বন কৰিলে জীৱনৰ বহু সমস্যাৰ পৰা মুক্ত হোৱাৰ লগতে জীৱনলৈ সুখ আহে বুলি কোৱা হয়।
জালুক খাদ্যত ব্যৱহাৰ কৰা হয় যদিও জ্যোতিষ শাস্ত্ৰত ইয়াৰ বিশেষ উপায়ৰ কথা উল্লেখ আছে। যাৰ ফলত ধনৰ সমস্যাৰ লগতে নজৰ দোষ আদি সমস্যাও দূৰ হয়।
যদি আপুনি টকা- পইচাৰ সমস্যাত ভুগি আছে তেন্তে ৫ টা জালুক ৭ বাৰ মূৰৰ পৰা ভৰিলৈ ঘূৰাই ঘৰৰ বাহিৰৰ চাৰি দিশত এটা এটাকৈ দলিয়াই দিয়ক।
৫ নম্বৰ জালুকটো আকাশৰ পিনে দলিয়াই দিয়ক আৰু ঘৰলৈ ঘূৰি আহক। মান্যতা অনুসৰি এনে কৰিলে জীৱনত থকা আৰ্থিক সমস্যা দূৰ হয়।
যদি কোনো ব্যক্তি নজৰ দোষত ভুগিছে তেন্তে ৭ টা জালুক সেই ব্যক্তিজনৰ মূৰৰ পৰা ভৰিলৈ ঘূৰাই দিয়ক। পাছত জালুক কেইটা পুৰি পেলাওক। মান্যতা অনুসৰি এনে কৰিলে নজৰ দোষ দূৰ হয়।
কেতিয়াবা বহু চেষ্টা কৰাৰ অন্তটো কাম হৈ নুঠে। তেতিয়া ৭-৮ টা জালুক লৈ ঘৰৰ কোনো চাকিৰ ওপৰত ৰাখি জ্বলাই দিয়ক। মান্যতা অনুসৰি এনে কৰিলে ৰৈ থকা কাম সম্পূৰ্ণ হয়।
শনি দোষৰ পৰা মুক্তি পাবলৈ এখন ক'লা কাপোৰত ১১ টকাৰ সৈতে জালুক বান্ধি কাৰোবাত দান কৰিব পাৰে। মান্যতা অনুসৰি এনে কৰিলে শনি দোষৰ পৰা মুক্তি পোৱা যায়।
পঢ়িবলৈ ক্লিক কৰক