TV9 ASSAM
তিতা কেৰেলাৰ গুণৰ কথা কম-বেছি পৰিমাণে সকলোৱে জানে। পিছে কেৱল তিতা কেৰেলাই নহয়, ইয়াৰ পাততো আছে দেহ উপকাৰী গুণ।
সাধাৰণতে ডায়েবেটিছ নিয়ন্ত্ৰণৰ বাবে ব্যৱহাৰ কৰা ঘৰুৱা ঔষধৰ ভিতৰত তিতা কেৰেলা অন্যতম। ইয়াত ফাইবাৰ, ভিটামিন এ, চি আৰু অন্যান্য পুষ্টিকৰ উপাদান থাকে।
তিতা কেৰেলাৰ পাততো পুষ্টিকৰ গুণ আছে। আয়ুৰ্বেদিক বিশেষজ্ঞ কিৰণ গুপ্তাই তিতা কেৰেলাৰ পাতেও ডায়েবেটিছ নিয়ন্ত্ৰণত সহায় কৰে বুলি জানিবলৈ দিছে।
বহুলোকে তিতা কেৰেলা ৰস খায়। এয়া যথেষ্ট স্বাস্থ্যকৰ বুলি জনা যায়। কেৰেলাৰ পাতৰ ৰসতো আছে গুণ। ই হজম শক্তিত সহায় কৰে আৰু পেট পৰিষ্কাৰ কৰে।
তিতা কেৰেলাৰ পাত খালে শৰীৰত আইৰণ আৰু ফলিক এচিড পোৱা যায় বুলি কোৱা হয়। ই হিম’গ্লবিন বৃদ্ধিত সহায় কৰে।
পৰিমিতভাৱে সেৱন নকৰিলে কিন্তু ইয়াৰ ফলত সমস্যাও হ’ব পাৰে। উপকাৰৰ বাবে ৬-৮খিলা পাত পানীত ভালদৰে ধুই সামান্য পানীৰ সৈতে মিক্সাৰত দি পিহি লওক।
পিহি লোৱাৰ পিছত ৰসখিনি চেকি লৈ পুৱা খালী পেটত খাব পাৰে। যদি আপোনাৰ তিতা সোৱাদক লৈ সমস্যা নাই, তেতিয়া পাত কেঁচাকৈ চোবাই খাব পাৰে।
পঢ়িবলৈ ক্লিক কৰক
৩২২১ দিনৰ পিছত শতক অৰ্জন ৰাহুলৰ!