ধনৰ বাবেই আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটক বিদায় দিলে নেকি পুৰাণে!

10 June 2025

TV9 ASSAM

সমগ্ৰ ক্ৰিকেট বিশ্বক আশ্চৰ্যচকিত কৰি আজি আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণ কৰে ৱেষ্ট ইণ্ডিজৰ তাৰকা ক্ৰিকেটাৰ নিকোলাচ পুৰাণে।

নিকোলাচ পুৰাণ

সাম্প্ৰতিক সময়ৰ অন্যতম শ্ৰেষ্ঠ টি-২০ বেটাৰ হিচাপে পৰিচিত হৈ পৰিছিল পুৰাণ। কিন্তু ২৯ বছৰ বয়সতে তেওঁ অৱসৰ লোৱাৰ বাবে সকলো স্বাভাৱিকতেই আচৰিত হৈছে।

বয়স

পুৰাণৰ এই সিদ্ধান্তৰ আঁৰত উপাৰ্জনেই আটাইতকৈ প্ৰধান কাৰণ বুলি অনুমান কৰিছে একাংশ অনুৰাগীয়ে। ইয়াৰ আঁৰত এক কাৰণো নথকা নহয়।

ধনেই কাৰণ!

ফ্ৰেঞ্চাইজি ক্ৰিকেটত পোৱা বিপুল ধনৰ তুলনাত আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা নিকোলাচ পুৰাণৰ উপাৰ্জন যথেষ্ট কম আছিল। জানো আহক এই বিষয়ে।

উপাৰ্জন

২০১৬ চনত ৱেষ্ট ইণ্ডিজৰ হৈ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত অভিষেক ঘটোৱা পুৰাণে কেৰিয়াৰত ৬১খন এদিনীয়া আৰু ১০৪খন টি-২০ মেচ খেলিছিল।

কেৰিয়াৰ

বিশ্বত প্ৰায় সকলো ফ্ৰেঞ্চাইজি ক্ৰিকেট খেলাৰ বাবে পুৰাণ ৱেষ্ট ইণ্ডিজ ক্ৰিকেট ব’ৰ্ডৰ কেন্দ্ৰীয় চুক্তিৰ অংশ নাছিল।

কেন্দ্ৰীয় চুক্তি

খবৰ অনুসৰি তেওঁ ব’ৰ্ডৰ পৰা এদিনীয়াৰ বাবে তেওঁ ২৩০০ মাৰ্কিন ডলাৰ (প্ৰায় ২ লাখ টকা) আৰু টি-২০ৰ বাবে ১৭৩৫ মাৰ্কিন ডলাৰ (প্ৰায় ১,৪৮,৫৬৬ টকা) মাচুল লাভ কৰিছিল।

মেচ ফী

ইফালে IPL ২০২৫ত লক্ষ্ণৌ ছুপাৰ জায়েণ্টছে তেওঁক ২১ কোটি টকাৰ বিপুল পৰিমাণৰ বিনিময়ত ৰিটেইন কৰিছিল। এই ধনৰাশি তেওঁ মাত্ৰ এটা ছিজনতে লাভ কৰিছে।

ফ্ৰেন্সাইজি

তদুপৰি কেৰিবিয়ান প্ৰিমিয়াৰ লীগ (চিপিএল), দক্ষিণ আফ্ৰিকা টি-২০ লীগ, আইএলটি২০ লীগ আদিতো পুৰাণৰ অত্যন্ত চাহিদা। এই লীগবোৰতো তেওঁ বিপুল ধন আয় কৰে।

আন লীগ

পঢ়িবলৈ ক্লিক কৰক 

IPLতকৈ অধিক পুৰস্কাৰ WTCত