এনে সহজ প্ৰাকৃতিক উপায়েৰে নিয়ন্ত্ৰণ কৰিব পাৰে প্ৰি-ডায়েবেটিছ

06 Jan 2026

TV9 ASSAM

শাৰীৰিক পৰিশ্ৰমৰ অভাৱত ডায়েবেটিছৰ আশংকা বাঢ়ে। দিনটোত অন্ততঃ ৩০ মিনিট খোজ কঢ়া বা ব্যায়াম কৰিলে ইনচুলিনৰ কাৰ্যক্ষমতা বৃদ্ধি পায়।

ব্যায়াম কৰক

খাদ্য তালিকাত ফল-মূল, সেউজীয়া শাক-পাচলি, দাইল আৰু গোটা শস্য অন্তৰ্ভুক্ত কৰক। কম কেলৰিযুক্ত আৰু পুষ্টিকৰ খাদ্যই তেজৰ শৰ্কৰা নিয়ন্ত্ৰণত সহায় কৰে।

স্বাস্থ্যকৰ আহাৰ

অত্যধিক ওজন প্ৰি-ডায়েবেটিছৰ বাবে বিপদজনক। সঠিক আহাৰ আৰু নিয়মিত ব্যায়ামেৰে ওজন কমাই ৰাখিলে টাইপ-২ ডায়েবেটিছৰ পৰা হাত সাৰিব পাৰি।

ওজন নিয়ন্ত্ৰণ

টোপনিৰ অভাৱে ইনচুলিন প্ৰতিৰোধ বৃদ্ধি কৰিব পাৰে। শৰীৰটো সুস্থ কৰি ৰাখিবলৈ দৈনিক ৭-৮ ঘণ্টা ভাল টোপনি অতি প্ৰয়োজন।

পৰ্যাপ্ত টোপনি

খাদ্যত কাৰ্বহাইড্ৰেটৰ পৰিমাণ সীমিত কৰক। মাহজাতীয় শস্য আৰু 'কম্প্লেক্স কাৰ্ব' থকা সেউজীয়া শাক-পাচলিক প্ৰাধান্য দিয়ক।

কম কাৰ্বহাইড্ৰেট

মিঠা পানীয় বা চ’ডাৰ পৰিৱৰ্তে পানী খোৱাৰ অভ্যাস কৰক। ই শৰীৰক হাইড্ৰেটেড কৰি ৰখাৰ লগতে তেজত চেনিৰ মাত্ৰা নিয়ন্ত্ৰণ কৰাত সহায় কৰে।

প্ৰচুৰ পানী

ধূমপান ডায়েবেটিছৰ অন্যতম কাৰক। যদি আপোনাৰ প্ৰি-ডায়েবেটিছ ধৰা পৰিছে, তেতিয়াহ’লে আজিৰ পৰাই ধূমপানৰ পৰা আঁতৰি থাকক।

ধূমপান ত্যাগ

পঢ়িবলৈ ক্লিক কৰক 

অধিক কণী খালে কেনে সমস্যা হ'ব পাৰে জানেনে?