TV9 ASSAM
পুৱা শুই উঠাৰ লগে লগে বহু মানুহৰ চকু ফুলা সমস্যা হয়। কেতিয়াবা ই সাধাৰণ লক্ষণ হ'ব পাৰে। কিন্তু যদি বাৰে বাৰে এই সমস্যাই দেখা দিয়ে তেন্তে ই কোনো ৰোগৰ লক্ষণ হ'ব পাৰে।
বৃক্কজনিত ৰোগৰ বাবে এনে হ'ব পাৰে। বৃক্কৰ ৰোগত প্ৰ’টিন প্ৰস্ৰাৱত অধিক পৰিমাণে আহে। যাৰ ফলত চকুৰ চাৰিওফালে তৰল পদাৰ্থ জমা হয় আৰু চকু ফুলিব পাৰে।
হৃদৰোগৰ ফলতো চকু ফুলি উঠিব পাৰে কাৰণ ই শৰীৰত তৰল পদাৰ্থৰ সঞ্চয় বৃদ্ধি কৰে। বহুদিন একেৰাহে চকু ফুলাৰ সমস্যাই দেখা দিলে ই গুৰুতৰ হৈ পৰিব পাৰে।
এলাৰ্জিৰ বাবে চকু ফুলিব পাৰে। কিছুমান খাদ্য, ঔষধ বা অন্যান্য পদাৰ্থৰ প্ৰতি এলাৰ্জি হ’লেও চকু ফুলি উঠিব পাৰে। গতিকে কিহৰ পৰা এলাৰ্জি হয় সেই বিষয়ে জনা দৰকাৰ।
অত্যাধিক নিমখ খোৱা শৰীৰৰ বাবে বেয়া। অধিক পৰিমাণে নিমখ খালে শৰীৰত তৰল পদাৰ্থ জমা হৈ চকুত ফুলি উঠিব পাৰে।
সুস্থ শৰীৰৰ বাবে ভাল টোপনিৰ প্ৰয়োজন। যদি আপুনি পৰ্যাপ্ত পৰিমাণে নুশুৱে, তেন্তে ইয়াৰ ফলত চকু ফুলিব পাৰে। গতিকে প্ৰতিদিনে ৭-৮ ঘন্টা শুব লাগে।
ইয়াত কিছুমান সাধাৰণ দিশৰ কথা উল্লেখ কৰা হৈছে। যদি আপুনি দীৰ্ঘদিন ধৰি চকু ফুলাৰ সমস্যাত ভুগি থাকে তেন্তে চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰিব পাৰে।
পঢ়িবলৈ ক্লিক কৰক