9 June 2025
TV9 ASSAM
Photos Credit: Getty Images
মানুহৰ বাহিৰেও এই পৃথিৱীৰ কোনবোৰ জীৱ-জন্তুক জ্ঞানী বা বুদ্ধিমান হিচাপে ধৰা হয়? এই প্ৰশ্ন আপোনাৰো মনত উত্থাপন হৈছে ।
বহুতৰ মতে মানুহৰ পাছতে পৃথিৱীৰ আটাইতকৈ বুদ্ধিমান বা জ্ঞানী প্ৰাণী হৈছে অক্টোপাছ । কিন্তু আন একাংশৰ মতে ডলফিনক জ্ঞানী প্ৰাণীৰ তালিকাত ধৰা হয়।
বটলনোজ ডলফিনে ইটোৱে সিটোৰ লগত যোগাযোগ কৰিব পাৰে আৰু সমস্যা সমাধান কৰিব পাৰে। সিহঁতে গোট সৃষ্টি কৰিব পাৰে ।
ইফালে,অক্টোপাছে স্মৃতি ধৰি ৰাখিব পাৰে। অক্টোপাছে কেতিয়াবা দুষ্টামিৰে মাছমৰীয়াৰ নাও বন্ধ কৰি দিয়ে।
চিম্পাঞ্জীকো জ্ঞানী প্ৰাণীৰ তালিকাত ধৰা হৈছে । ইহঁতেও মানুহৰ দৰে কিছুমান কাম কৰিব পাৰে ।
চিম্পাঞ্জীয়ে দুখ আৰু সুখ প্ৰকাশ কৰাৰ লগতে তেওঁলোকৰ মাজতে সমাজ সৃষ্টি কৰিব পাৰে । আৱেগ আদান-প্ৰদান কৰিব পাৰে।
জ্ঞানী জীৱ-জন্তুৰ তালিকাত হাতীও আছে । কিয়নো হাতীয়ে লগৰে আন এটা হাতীৰ মৃত্যু হ'লে দুখ প্ৰকাশ কৰা দেখা যায় ।
পঢ়িবলৈ ক্লিক কৰক