দিনটো শুভ হ'বলৈ প্ৰতিদিনে পুৱা এই ৫ টা কাম সদায় কৰক

November 28, 2025

TV9 ASSAM

আপোনাৰ দিনটো কেনেদৰে যাব? সেয়া আপোনাৰ হাতত থাকে। কিছুমান কথা গুৰুত্ব দিলে আপুনি এটা ভাল দিন লাভ কৰিব পাৰে।

ভাল দিন

প্ৰতিদিনে পুৱা নিয়মিতভাৱে কিছুমান অভ্যাস গঢ়ি তুলিলে আপোনাৰ দিনটো সুচাৰুৰূপে চলিব পাৰে। পুৱা এই কামবোৰ কৰক।

কিছুমান অভ্যাস

সাৰ পোৱাৰ লগে লগে এগিলাচ পানী খাব। গৰম পানী খালে ভাল। ই ডিহাইড্ৰেচন দূৰ কৰে, অংগ সক্ৰিয় কৰে আৰু পাচন প্ৰক্ৰিয়াত সহায় কৰে।

পানী খাব লাগে

১০ৰ পৰা ১৫ মিনিট লঘু ব্যায়াম, যোগাসন বা ষ্ট্ৰেচিং কৰক। ইয়াৰ ফলত তেজৰ সঞ্চালন বৃদ্ধি পাব, পেশীবোৰ শিথিল হ’ব। ই দিনটো সক্ৰিয় কৰি ৰাখিব।

লঘু ব্যায়াম

৫ৰ পৰা ১০ মিনিট ধ্যান কৰাৰ অভ্যাস কৰক। ই মনক শান্ত কৰে, মানসিক চাপ কমায় আৰু দিনটোৰ কাম আৰম্ভ কৰিবলৈ মনটোক সক্ৰিয় কৰাত সহায় কৰে।

ধ্যান

পৰিকল্পনাৰে দিনটোৰ কামবোৰ আৰম্ভ কৰক। ফলত লক্ষ্যও সুস্থিৰ হৈ থাকিব। কামবোৰ কৰাত কোনো ধৰণৰ অসুবিধা নহয়।

কৰ্মৰ পৰিকল্পনা

পৰ্যাপ্ত পৰিমাণৰ প্ৰটিন আৰু আঁহযুক্ত স্বাস্থ্যসন্মত ব্ৰেকফাষ্ট কৰক। শৰীৰৰ কৰ্মক্ষমতা বজাই ৰাখিবলৈ এইটো অতি প্ৰয়োজনীয়। 

স্বাস্থ্যকৰ ব্ৰেকফাষ্ট

পঢ়িবলৈ ক্লিক কৰক

এই পানীয় খালে মদ খোৱাৰ ইচ্ছা নাইকীয়া হ'ব