TV9 ASSAM
আজিৰ দিনত প্ৰায় সংখ্যক লোকে মদ্যপান কৰে। ইয়াৰ ফলত মানুহৰ মাজত বিভিন্ন ৰোগৰ সম্ভাৱনাও বৃদ্ধি পাইছে।
পিছে আপুনি মদ্যপানৰ অভ্যাস ত্য়াগ কৰাৰ কথা ভাৱিছে নেকি ! এই অভ্যাস ত্যাগ কৰিবলৈ এই পানীয় খাব পাৰে। মদ খোৱাৰ নাইকীয়া হ'ব।
আলমণ্ড খিনি ৰাতিটো তিয়াই থওক। ৰাতিপুৱা তিয়াই থোৱা আলমণ্ডখিনি পিহি গাখীৰৰ লগত মিহলাই খাব পাৰে। ই শৰীৰক গৰম কৰি ৰাখে আৰু স্বাস্থ্যৰ বাবেও উপকাৰী।
প্ৰতিদিনে পুৱা বা দুপৰীয়া অশ্বগন্ধা চাহ খাব পাৰে। ইয়াৰ ফলত ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি পাব। লগতে ই মানসিক চাপ, হতাশা আৰু বয়সৰ লগত জড়িত সমস্যা হ্ৰাস কৰে।
হালধি-ডালচেনিৰ চাহ খাব পাৰে। ৰাতিপুৱা আৰু দুপৰীয়া খালে আৰু শীতকালীন বেমাৰৰ চিন্তাৰ পৰা পৰিত্ৰাণ পাব।
গৰম আপেল চাইডাৰ ভিনেগাৰে মদ খোৱাৰ ইচ্ছা কমাই দিব। লগতে শৰীৰৰ পৰা বিষাক্ত পদাৰ্থ আঁতৰাই পেলাব। ইয়াৰ দ্বাৰা চৰ্দি, কাহ, এলাৰ্জী আদিৰ পৰাও উপশম পাব।
এই প্ৰতিবেদন বিভিন্ন উৎসৰ ওপৰত ভিত্তি কৰি কেৱল তথ্যৰ বাবে প্ৰস্তুত কৰা হৈছে। এইধৰণৰ পানীয় খোৱাৰ আগত বিশেষজ্ঞৰ পৰামৰ্শ গ্ৰহণ কৰক।
পঢ়িবলৈ ক্লিক কৰক