21 AUG 2025
TV9 ASSAM
ধৰ্মীয় মান্যতা অনুসৰি, মহিলা ঘৰৰ লক্ষ্মী হয়। এক কথাত নাৰীক লক্ষ্মীৰ স্বৰূপ বুলি কোৱা হয়। কিন্তু এই মহিলাসকলে কৰা কিছুমান ভুলৰ বাবে মা লক্ষ্মী অসন্তুষ্ট হয়।
বিভিন্ন ঘৰত শাহু-বোৱাৰীয়েকৰ মাজত কাজিয়া লগা দেখা যায়। কিছুমান পিতৃ-মাতৃ বা জ্যেষ্ঠজনক অসন্মান কৰে। তেনে ঘৰত লক্ষ্মী কেতিয়াও নাথাকে।
কিছুমান মহিলাই নিজৰ ঘৰ-পৰিয়ালৰ গোপন কথা বাহিৰৰ মানুহক কয়। কিন্তু এনে কৰিব নালাগে। ইয়াৰ ফলত আৰ্থিক সমস্যা হয় লগতে ঘৰত অশান্তি হয়।
ধৰ্মীয় মান্যতা অনুসৰি, সূৰ্যাস্তৰ পাছত ঘৰ ঝাড়ুৰে সাৰিব নালাগে। ইয়াৰ ফলত লক্ষ্মী অসন্তুষ্ট হয় বুলি কোৱা হয় আৰু ধনৰ অভাৱ হয়।
ব্ৰত বা ধৰ্মীয় কাম-কাজৰ সময়ত মাছ-মাংস আদি খাব নালাগে। এনে সময়ত আমিষ খাদ্য গ্ৰহণ কৰা বেয়া বুলি ধৰা হয়।
টকা-পইচা সদায় ভাবি চিন্তি খৰচ কৰিব লাগে। কিয়নো ধন উপাৰ্জন কৰা সহজ নহয়। অযথা ধন খৰচ কৰিলে লক্ষ্মী অসন্তুষ্ট হয়।
মান্যতা অনুসৰি মহিলাসকলে ঘৰত সদায় পূজা কৰিব লাগে। তুলসীক পূজা কৰাও ভাল। এনে কৰিলে সুখ-সমৃদ্ধি বৃদ্ধি হয় বুলি কয়।
পঢ়িবলৈ ক্লিক কৰক