TV9 ASSAM
সুস্থ শৰীৰৰ বাবে ভাল টোপনিৰ প্ৰয়োজন। কিন্তু কিছুমান মানুহৰ নিশা বহু দেৰিলৈকে সাৰ পাই থকাৰ অভ্যাস আছে। যদি আপোনাৰো এনে অভ্যাস আছে তেন্তে এয়া অতি বেয়া। ইয়াৰ প্ৰভাৱ শৰীৰ আৰু মনত পৰে।
যিসকল লোকে ৰাতি নুশুৱে বা দেৰিলৈকে সাৰ পাই থাকে তেওঁলোকৰ বি এম আই বৃদ্ধি হয়। ইয়াৰ ফলত হৰম'নৰ ভাৰাসাম্য নোহোৱা হয়। যাৰ বাবে অধিক খাবলৈ মন যায় আৰু ওজন বৃদ্ধি হয় বা মেদবহুলতা হয়।
আজিকালি প্ৰায়ভাগ লোক মধুমেহত আক্ৰান্ত হোৱা দেখা যায়। ইয়াৰ কাৰণ টোপনিও হোৱাৰ সম্ভাৱনা থাকে। যদি আপুনি ভালদৰে নুশুৱে ডায়েবেটিছ হ'ব পাৰে। গতিকে অন্তত ৭-৮ ঘন্টা সময় শুব লাগে।
টোপনি সম্পূৰ্ণ নোহোৱাৰ প্ৰভাৱ হৃদযন্ত্ৰতো পৰে। ইয়াৰ ফলত হৃদস্পন্দনত প্ৰভাৱ পৰে আৰু হৃদত হেঁচা পৰে। ইয়াৰ ফলত হাৰ্ট এটেকৰ আশংকাও বাঢ়ি যায়। যাৰ বাবে ভাল টোপনি হৃদযন্ত্ৰৰ বাবেও প্ৰয়োজন।
নিশা দেৰিলৈকে সাৰ পাই থাকিলে ইযাৰ প্ৰভাৱ পাচনতন্ত্ৰতো পৰে। ইয়াৰ ফলত খাদ্য হজম ভালদৰে নহয় আৰু পেটত সমস্যাৰ সৃষ্টি হয়। ইয়াৰোপৰি চকুৰ তলত প্ৰায়ে ক'লা দাগ আৰু শেতা হৈ পৰে। গতিকে নিশাৰ টোপনি অতি আৱশ্যক।
টোপনিৰ প্ৰভাৱ আমাৰ মানসিক স্বাস্থ্যৰ ওপৰতো পৰে। যদি ভালদৰে নুশুৱে তেন্তে দিনটো আপুনি ভাগৰুৱা বা দুৰ্বল অনুভৱ কৰিব পাৰে। ইয়াৰোপৰি টোপনি ভাব আৰু খং উঠি থাকিব পাৰে। এনে পৰিস্থিতিত কামতো প্ৰভাৱ পৰে।
এই লেখাটোত কিছুমান সাধাৰণ বিষয়ৰ কথা উল্লেখ কৰা হৈছে। টোপনি নহাৰ ফলত আপোনাৰ আন বহু সমস্যাৰো সৃষ্টি হ'ব পাৰে। গতিকে এই ক্ষেত্ৰত অধিক জানিবলৈ চিকিৎসকৰ পৰামৰ্শ লোৱা দৰকাৰ।
পঢ়িবলৈ ক্লিক কৰক