TV9 ASSAM
বৃক্কই আমাৰ দেহৰ পৰা বিষাক্ত পদাৰ্থ আঁতৰোৱাৰ কাম কৰে। তদুপৰি ছডিয়াম, পটাছিয়ামৰ দৰে খনিজ পদাৰ্থৰ ভাৰসাম্য ৰক্ষা কৰিবলৈ বৃক্ক ব্যৱস্থা সুস্থ হৈ থকাটো অতি প্ৰয়োজনীয়।
নেচনেল কিডনী ফাউণ্ডেচনৰ তথ্য অনুসৰি বৃক্কই প্ৰস্ৰাৱৰ জৰিয়তে শৰীৰৰ পৰা বিষাক্ত পদাৰ্থ আঁতৰাই পেলায়, গতিকে আমি পানী আৰু স্বাস্থ্যকৰ তৰল খাদ্য গ্ৰহণ কৰিব লাগে।
কম পানী খালে বৃক্কত অতিৰিক্ত চাপ পৰে আৰু ইলেক্ট্ৰ’লাইট, খনিজ পদাৰ্থৰ ভাৰসাম্যহীনতা হ’ব পাৰে। ইয়াৰ ফলত ছাল শুকান, ভাগৰুৱা, দুৰ্বলতা, মূৰৰ বিষ আদি হ’ব পাৰে।
ইনষ্টিটিউট অৱ মেডিচিনৰ তথ্য অনুসৰি এগৰাকী সুস্থ প্ৰাপ্তবয়স্ক মহিলাই দিনটোত কমেও ২.৭ লিটাৰ আৰু পুৰুষে প্ৰায় ৩.৭ লিটাৰ পানী খোৱাৰ প্ৰয়োজন হয়।
শাৰীৰিক কাৰ্যকলাপৰ ওপৰত নিৰ্ভৰ কৰি এই পৰিমাণ বেছিও হ’ব পাৰে। কিন্তু কেৱল পানীয়েই নহয়, যিকোনো ফল-মূল, শাক-পাচলি, ফলৰ ৰসো দৈনিক খাদ্য তালিকাত থাকিব লাগে।
মেডিকেল জাৰ্নেলত প্ৰকাশিত ২০১১-১২ চনৰ এক মাৰ্কিন গণ সমীক্ষা মতে দৈনিক ৫০০ মি.লি. পানী খোৱা লোকৰ দীৰ্ঘদিনীয়া বৃক্কৰ ৰোগৰ সম্ভাৱনা ১.২ লিটাৰ পানী খোৱা লোকতকৈ বেছি হয়।
পঢ়িবলৈ ক্লিক কৰক
তিতা কেৰেলাৰ পাততো আছে এনে ঔষধি গুণ