TV9 ASSAM
যিকোনো ঘৰতে জেঠী থকাটো স্বাভাৱিক। সাধাৰণতে জেঠী নথকা ঘৰ খুব কমেইহে দেখা যায়। কিন্তু ঘৰত হঠাতে জেঠীৰ সংখ্যা বৃদ্ধি হোৱাটো চিন্তাৰ বিষয়।
জ্যোতিষ মতে ঘৰত জেঠী থকাটো কেতিয়াবা শুভ আৰু কেতিয়াবা অশুভ লক্ষণ। ঘৰৰ বেৰত জেঠী বগাই ফুৰাৰ অৰ্থ কি জানো আহক।
বাস্তু শাস্ত্ৰ মতে জেঠী লক্ষ্মী দেৱীৰ এক ৰূপ বুলি গণ্য কৰা হয়। পণ্ডিতসকলৰ মতে ঘৰত জেঠী থকাটো শুভ। জেঠীয়ে ভৱিষ্যতৰ ভাল আৰু বেয়া পৰিঘটনাৰ ইংগিত দিয়ে।
কোনো লোকৰ ঘৰত যদি জেঠী ঘূৰি ফুৰে তেতিয়া এয়া শুভ লক্ষণ বুলি গণ্য কৰা হয়। ইয়াক ধন-সম্পত্তি আৰু সমৃদ্ধিৰ প্ৰতীক হিচাপে গণ্য কৰা হয়।
বাস্তু মতে পূজাৰ সময়ত যদি দুই বা তাতোধিক জেঠীয়ে শব্দ কৰে বা ঘৰত দৌৰি ফুৰি, সেয়া অত্যন্ত ভাল। জেঠীৰ উপস্থিতিয়ে ঘৰৰ সকলো ঋণাত্মক শক্তি দূৰ কৰে বুলি কোৱা হয়।
পণ্ডিতসকলৰ মতে কেতিয়াবা জেঠীয়ে ডাঙৰ শব্দ কৰে, এয়া একেবাৰে শুভ নহয়। জেঠীৰ ডাঙৰ শব্দই ডাঙৰ সমস্যা আগমনৰ ইংগিত দিয়ে।
বাস্তু শাস্ত্ৰ বিশেষজ্ঞৰ মতে টকা গণি থাকোঁতে বা টকা থ’ব লওঁতে জেঠীয়ে শব্দ কৰিলে বুজিব যে ধন আৰু সৌভাগ্যৰ আগমন ঘটিব।
পঢ়িবলৈ ক্লিক কৰক
ভগৱান শিৱৰ প্ৰিয় ভোগ কি জানেনে আপুনি?