এই কাৰণে আপোনাৰ জীৱনত নোহোৱা হ'ব পাৰে শান্তি

12 December, 2024 

TV9 ASSAM

মানুহৰ জীৱনত মানসিক শান্তি প্ৰয়োজনীয়। শান্তি থাকিলেহে আপুনি ভালদৰে মন লগাই কাম কৰিব পাৰিব। মানসিক অশান্তি হৈ থাকিলে জীৱনত নতুন নতুন সমস্যাৰ সৃষ্টিহে হয়।

মানসিক শান্তি

যদি আপুনি প্ৰতিদিনে মানসিক অশান্তি বা চাপ অনুভৱ কৰে তেন্তে ইয়াৰ কাৰণ নিশ্চয় থাকিব। তেনে অৱস্থাত এনে কাৰণসমূহৰ পৰা দূৰত থকা দৰকাৰ।

মানসিক চাপ

ঘৰ হওক বা অফিচ, সদায় নেতিবাচক মানুহৰ পৰা দূৰত থাকিব লাগে। যিসকল মানুহে আপোনাক মানসিক অশান্তি দিয়ে তেনে লোকৰ পৰা সদায় দূৰত থকা প্ৰয়োজনীয়।

মানুহ

প্ৰায় মানুহৰে অভাৰ থিংক বা বেছি চিন্তা কৰাৰ সমস্যা থাকে। গতিকে এই সমস্যাৰ পৰা দূৰত থকাৰ চেষ্টা কৰক। সৰু সৰু কথাক লৈ বেছি চিন্তা নকৰিব। ইয়াৰ বাবে নিজক ব্যস্ত ৰাখক।

বেছি চিন্তা

নিজৰ দায়িত্ব বুজা দৰকাৰ। কিবা সমস্যাৰ বাবে আনৰ ওপৰত দোষ দিয়াৰ আগত নিজৰ বিশ্লেষণ কৰক। সদায় আনক দোষ দিলে আপোনজনো আঁতৰত গুচি যায়।

দায়িত্ব

আমাৰ মানসিক অৱস্থাৰ ওপৰত পৰিবেশৰ মহত্ব অধিক। আপুনি কেনে পৰিস্থিতিত কাম কৰিছে, চৌপাশৰ পৰিবেশ কেনেকুৱা তাৰ ওপৰত গুৰুত্ব দিয়। অস্বস্তিকৰ পৰিবেশৰ পৰা আঁতৰত থাকক।

পৰিবেশ

বিশেষকৈ একাংশ মহিলাই আনক সুখী কৰিবলৈ নিজক প্ৰাধান্য নিদিয়ে আৰু নিজকো দোষী বুলি কয়। এয়া  ভুল। নিজৰ ওপৰত বিশ্বাস ৰাখক আৰু আগুৱাই যাওক।

নিজক দোষ

পঢ়িবলৈ ক্লিক কৰক 

কিয় বেমাৰ বেছি হয় মহিলাৰ