TV9 ASSAM
শৰীৰৰ প্ৰায় সকলো কাম কাজৰ বাবে হ'ৰমনৰ আৱশ্যক। মহিলা আৰু পুৰুষৰ প্ৰয়োজনীয় হ'ৰমনৰ পৰিমাণ বেলেগ। আহক ইয়াৰ বিষয়ে জানো।
মহিলাৰ বাবে অষ্ট্ৰোজন হ'ৰমন অতি প্ৰয়োজনীয়। ইয়ে মহিলাৰ শাৰীৰিক আৰু ৰিপ্ৰোডাক্টিভ কামত সহায় কৰে।
এষ্ট্ৰোজন হ'ৰমনৰ স্তৰ বৃদ্ধিৰ ফলত শৰীৰত বিভিন্ন লক্ষণে দেখা দিয়ে। এষ্ট্ৰোজন হ'ৰমন বৃদ্ধি হোৱা মহিলাৰ বিভিন্ন ৰোগৰ কাৰণ হ'ব পাৰে।
এষ্ট্ৰোজন হ'ৰমনৰ স্তৰ অধিক হ'লে সময়মতে মাহেকীয়া নহয়। এই হ'ৰমন বৃদ্ধিৰ ফলত মহিলাৰ মাহেকীয়া কেতিয়াবা সোনকালে আৰু কেতিয়াবা দেৰিকৈ হয়।
মহিলাসকলৰ দেহত অষ্ট্ৰোজন হ'ৰমনৰ স্তৰ বৃদ্ধি হোৱাৰ ফলত পি চি অ এছৰ সমস্যা হ'ব পাৰে। ইয়াৰ ফলত ডিম্বাশয়ত সৰু সৰু গোট গঠন হয়।
মহিলাৰ শৰীৰত এষ্ট্ৰোজন হ'ৰমন বৃদ্ধিৰ ফলত ওজন বৃদ্ধি হয়। হ'ৰমন বৃদ্ধিৰ ফলত মেদবহুলতা সমস্যাই দেখা দিয়াৰ লগতে মুড চুইং হয়।
এষ্ট্ৰোজন হ'ৰমনৰস্তৰ বৃদ্ধিৰ ফলত ছালৰ সমস্যা হয়। ইয়াৰোপৰি এক্সিমা ,ছিৰোয়চিছ আজিৰ দৰে সমস্যাই দেখা দিব পাৰে।
পঢ়িবলৈ ক্লিক কৰক