27 OCT 2025
TV9 ASSAM
হিন্দু ধৰ্মত বাস্তু শাস্ত্ৰৰ মহত্ব বহুত। বাস্তু শাস্ত্ৰত কোৱা হৈছে যে, ঘৰত কিছুমান চৰাইৰ প্ৰৱেশ অত্যন্ত শুভ। কিছুমান চৰাইৰ প্ৰৱেশে ভাল দিন অহা, উন্নতি আদিৰ সংকেত দিয়ে।
যদি হঠাতে ঘৰত ভাটৌ আহি বহে তেন্তে এয়া শুভ। ভাটৌৰ সম্পৰ্ক ধনৰ দেৱতা কুবেৰৰ লগত আছে। ই কামদেৱৰ বাহন। গতিকে ঘৰলৈ ভাটৌ আহিলে আৰ্থিক উন্নতি হয় বুলি কয়।
যদি ঘৰত বগা ফেঁচা আহি বহে তেন্তে এয়া শুভ। ফেঁচাক মা লক্ষ্মীৰ বাহন বুলি কোৱা হয়। গতিকে ঘৰলৈ ফেঁচা অহা বা ঘৰৰ আশে-পাশে ফেঁচা দেখা পোৱা শুভ দিন অহাৰ সংকেত।
বাস্তু শাস্ত্ৰ অনুসৰি ঘৰত চৰাই বাহ বন্ধা ভাল। ঘৰলৈ শুভ দিন আগমনৰ পূৰ্বে এই সংকেত পোৱা যায়। ইয়াৰ লগতে আহিবলগীয়া সমস্যা দূৰ হয় বুলি কয়।
ঘৰলৈ কাউৰী অহাও শুভ বুলি কোৱা হয়। ঘৰলৈ আলহী আগমনৰ সংকেত কাউৰীয়ে দিয়ে বুলি কয়।,
বাস্তু শাস্ত্ৰ অনুসৰি, যদি ঘৰৰ আশে পাশে মুৰ্গীৰ মাত শুনা পাই তেন্তে এয়া শুভ। কোনোবা পুৰণি বন্ধুক লগ পোৱাৰ সংকেত মুৰ্গীয়ে এনেকৈ দিয়ে বুলি কয়।
মান্যতা অনুসৰি ঘৰত চৰাইয়ে বাহ সজা বা হঠাতে চৰাই প্ৰৱেশ কৰা বেয়া নহয়। ই শুভ দিন আগমনৰ সংকেত।
পঢ়িবলৈ ক্লিক কৰক