TV9 ASSAM
শেহতীয়াকৈ অসমত ৰাজ্য চৰকাৰে গো মাংস নিষিদ্ধ কৰাৰ ঘোষণা কৰে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে, এতিয়াৰ পৰা অসমৰ হোটেল, ৰেষ্টুৰেন্ট, সাৰ্বজনীন স্থানত গো মাংস নিষিদ্ধ।
ৰাজ্যিক কেবিনেটৰ এই সিদ্ধান্তৰ পাছতেই সৰ্বত্ৰে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। একাংশই এই সিদ্ধান্তৰ বিৰোধিতা কৰাৰ লগতে একাংশই সমৰ্থন জনাইছে।
কিন্তু আপুনি জানেনে, গো মাংস আৰু বিফৰ মাজত আছে পাৰ্থক্য। এই ক্ষেত্ৰত মানুহৰ মনত বিভ্ৰান্তিৰ সৃষ্টি হয়। বিফ মানে বহুতে গৰুৰ মাংস বুলি ভাৱে।
দুয়োটাৰে মাজত পাৰ্থক্য বুজিবলৈ প্ৰথমে বিফ কি বুজি পাব লাগিব। বিফত কি কি অন্তৰ্ভুক্ত আছে সেয়া জনা দৰকাৰ।
বিফ মানে অকল গৰু মাংস নহয়। বিফত গাই গৰু, ম'হ,পোৱালী, বলধ আদি সকলো অন্তৰ্ভুক্ত। এক কথাত গাই, পোৱালী, ম'হ আদিৰ বাবে সামূহিকভাৱে এই শব্দ ব্যৱহাৰ কৰা হয়।
আনহাতে গো মাংসত এই সকলো অন্তৰ্ভুক্ত নহয়। গো মাংসৰ অৰ্থ গাই গৰু আৰু পোৱালীটোক বুজা যায়। এক গৰুবংশৰ লগত প্ৰত্যক্ষ সম্পৰ্ক আছে।
উল্লেখ্য যে, উত্তৰ প্ৰদেশ, হাৰিয়ানা, কাশ্মীৰ, উত্তৰাখণ্ড. ৰাজস্থান, মধ্য প্ৰদেশ, গুজৰাট, মহাৰাষ্ট্ৰ, চট্টিশগড়, হিমাচল প্ৰদেশ, পঞ্জাৱ,দিল্লী, চণ্ডীগড় আদিত গো হত্যাত নিষেধাজ্ঞা আছে।
পঢ়িবলৈ ক্লিক কৰক