6 Jan 2026
TV9 ASSAM
আজিৰ সময়ত দেশত লাখ লাখ লোক ডায়েবেটিছত আক্ৰান্তক। যুৱক-যুৱতীৰ পৰা বৃদ্ধলৈকে বিভিন্নজনে এই ৰোগত আক্ৰান্ত। গতিকে মানুহ সদায় সাৱধান হৈ থকা প্ৰয়োজন।
ডায়েবেটিছৰ বিভিন্ন লক্ষণ আছে। পিছে কিছুমান লক্ষণ ভৰিতো দেখা দিয়ে। ভৰিৰ স্বাস্থ্য তেজৰ চলাচল আৰু স্নায়ুৰ ওপৰত নিৰ্ভৰ কৰে। যাৰ বাবে ডায়েবেটিছৰ লক্ষণ ভৰিত দেখা দিয়ে।
যদি আপোনাৰ ভৰিত প্ৰায়ে জিনজিননি অনুভৱ হয় তেন্তে ই ডায়েবেটিছৰ লক্ষণ হ'ব পাৰে। স্নায়ুৰ ক্ষতি হোৱাৰ বাবে এনে হয়। এই সমস্যা নিশা বেছিকৈ হয়।
ভৰিত জ্বলা পোৰা হোৱা ডায়েবেটিছৰ লক্ষণ হ'ব পাৰে। নিশা এই সমস্যা বেছিকৈ হোৱা দেখা যায়। স্নায়ু দুৰ্বল হোৱাৰ বাবে এনে সমস্যা হয়।
আঁঠুৰ কাষত ক'লা ক'লা দাগ পৰিব পাৰে। ডায়েবেটিছৰ প্ৰথম অৱস্থাত এই লক্ষণ দেখা দিয়ে। ইয়াৰোপৰি নিশা ভৰিত বিষ অনুভৱ হ'ব পাৰে। কেতিয়াবা ভৰি টানি ধৰিব পাৰে।
যদি আপোনাৰ ভৰিৰ ছাল চিকচিকীয়া হৈ পৰে তেন্তে বেয়া তেজৰ চলাচলৰ বাবে হ'ব পাৰে। ইয়াৰোপৰি কেতিয়াবা ভৰিৰ পতা ফুলিব পাৰে। এনে লক্ষণ দেখা দিলে বিশেষজ্ঞৰ পৰামৰ্শ ল'ব লাগে।
ভৰিৰ নোম সৰা, সৰু আঘাত ভাল হ'বলৈ অধিক সময়ৰ প্ৰয়োজন, কোনো কাৰণ নোহোৱাকৈ ভৰি ঠাণ্ডা বা গৰম হোৱা ডায়েবেটিছৰ লক্ষণ হ'ব পাৰে। এই ক্ষেত্ৰত অধিক জানিবলৈ বিশেষজ্ঞৰ পৰামৰ্শ ল'ব লাগে।
পঢ়িবলৈ ক্লিক কৰক