সুৰাতকৈ লিভাৰৰ বাবে বেয়া এই ৩ বস্তু, জানক কি কি 

 7  May 2025

TV9 ASSAM

যকৃত শৰীৰৰ এক গুৰুত্বপূৰ্ণ অংগ। ই তেজ চাফা কৰে, টক্সিন্স বাহিৰ কৰে আৰু পাচন তন্ত্ৰত সহায় কৰে। ই পুষ্টিকৰ উপাদান মজুত কৰাৰ কামো কৰে। যকৃত  দুৰ্বল হ'লে ইয়াৰ প্ৰভাৱ সমগ্ৰ শৰীৰত পৰে।

যকৃত

মানুহে ভাবে যে কেৱল সুৰা বেছিকৈ খালে যকৃত বেয়া হয়।কিন্তু এনে কথা নহয়। কেৱল সুৰা নহয়। অন্য কিছুমান বস্তু খালেও যকৃত নষ্ট হোৱাৰ সম্ভাৱনা থাকে। গতিকে ইয়াৰ বিষয়ে জনা আৱশ্যক।

সুৰা 

বেছি চেনি খোৱা শৰীৰৰ বাবে বেয়া। অত্যাধিক মিঠা বা চেনিযুক্ত আহাৰে যকৃতক প্ৰভাৱিত কৰে। ইয়াৰ ফলত ফেটি লিভাৰৰ সমস্যা হোৱাৰ সম্ভাৱনা থাকে। গতিকে মিঠা, কোল্ড ড্ৰিক, পেকেটৰ খাদ্য কমকৈ খাব লাগে।

বেছি চেনি

অত্যাধিক ঔষধ খোৱা শৰীৰৰ বাবে বেয়া। যদি চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ নকৰাকৈ বিষৰ দৰৱ, এন্টিবায়টিকছ, শ্লিপিং টেবলেট আদি খায় তেন্তে ইয়াৰ প্ৰভাৱ যকৃতত পৰে। গতিকে চিকিৎসকৰ পৰামৰ্শ মতে ঔষধ খাব লাগে।

ঔষধ

অত্যাধিক তেল দিয়া খাদ্য, পেকেটত থকা, জাংক ফুড আদিয়ে যকৃতৰ যথেষ্ঠ ক্ষতিসাধন কৰে। এনে খাদ্যত ফেট আৰু প্ৰিজবেটিভছ থাকে যাৰ ফলত যকৃত ফুলিব পাৰে আৰু ই দুৰ্বল হৈ পৰিব পাৰে।

খাদ্য

সুৰাৰ পৰা মানুহে সাৱধানে থাকে। কিন্তু অন্য অভ্যাসৰ ক্ষেত্ৰত মানুহে সাৱধানতা অৱলম্বন নকৰে। গতিকে মানুহে নিজৰ জীৱন শৈলী ভাল কৰাতো প্ৰয়োজন। ইয়াৰোপৰি যোগাসনে আপোনাক সুস্থ কৰি ৰাখিব পাৰে।

বেয়া

যকৃতৰ যত্ন ৰখা অতি প্ৰয়োজন। ইয়াৰ বাবে শৰীৰ হাইড্ৰেট ৰাখিব। খাদ্যত সেউজীয়া শাক-পাচলি, ফল, হালধী, আমলখি আদি অন্তৰ্ভুক্ত কৰিব। এয়া মাত্ৰ সাধাৰণ জ্ঞান, অধিক জানিবলৈ চিকিৎসকৰ পৰামৰ্শ লোৱা দৰকাৰ।

গুৰুত্ব

পঢ়িবলৈ ক্লিক কৰক 

বিশ্বৰ দামী কণ্ডমৰ দাম